ৰাজ্যৰ ১৪খন জিলাত চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আজিৰে পৰা ২২ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব। দ্বিতীয় পৰ্যায়ত হ’বলগীয়া জিলাকেইখন ক্রমে বাক্সা, চৰাইদেউ, চিৰাং, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া আৰু কাৰ্বি আংলং। আজি আটাইকেইখন জিলাতে গুণোৎসৱৰ স্ব-মূল্যায়ন আৰু ২০ৰ পৰা ২২ জানুৱাৰীলৈ বহিঃমূল্যায়ন কৰা হ’ব। গুণোৎসৱে ১৪খন জিলাৰ ১৫ হাজাৰ ৬৬৩খন বিদ্যালয়ৰ ১৪ লাখ ১৪ হাজাৰ ৯৩২ গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি ল’ব। বহিঃমূল্যায়নত ৬ হাজাৰ ২৫৩ গৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক আৰু চৰকাৰী বিষয়াই পর্যবেক্ষক হিচাপে অংশগ্ৰহণ কৰিব।
Site Admin | January 17, 2025 11:15 AM | Gunotsav
ৰাজ্যৰ ১৪খন জিলাত চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আজিৰে পৰা আৰম্ভ
