ৰাজ্যৰ ১২ হাজাৰ ৩৭৫ খন বিদ্যালয়ত আজি গুণোৎসৱৰ তৃতীয় পৰ্যায় আৰম্ভ হৈছে। গুণোৎসৱৰ আজি প্ৰথমদিনা বিদ্যালয়সমূহৰ স্ব-মূল্যায়ন কৰা হয়। গোৱালপাৰা জিলাৰ বালিজানা, মাটিয়া, দুধনৈ আৰু লক্ষীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত এহেজাৰ ৫৭৪ খন বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীত অধ্যয়নৰত ১ লাখ ৬৩ হাজাৰ ৮৭২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বহিঃমূল্যায়ন কৰা হ’ব। ইয়াৰ বাবে জিলাখনত ৬৭৬ গৰাকী বিষয়াক বহিঃমূল্যায়ক হিচাপে নিয়োগ কৰা হৈছে। দৰং জিলাত এই পৰ্যায়ত এহেজাৰ ১৭৮ খন বিদ্যালয়ৰ ১ লাখ ২৩ হাজাৰ ২৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বহিঃমূল্যায়ন কৰা হ’ব। আজি স্ব-মূল্যায়নৰ অন্তত কাইলৈৰ পৰা ৫৩১ গৰাকী বহিঃমূল্যায়কে গুণোৎসৱৰ কাৰ্যসূচীত ভাগ ল’ব। উল্লেখযোগ্য যে ডিব্ৰুগড়, বিশ্বনাথ, দৰং, মৰিগাঁও, বঙাইগাঁও, কাছাৰ, ডিমা হাচাও, গোৱালপাৰা, মাজুলী আৰু নলবাৰী জিলাত অহা ৭ ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব। কোকৰাঝাৰ আৰু ওদালগুৰি জিলাৰ পূৰ্বে ৰৈ যোৱা একাংশ বিদ্যালয়তো গুণোৎসৱ অনুষ্ঠিত হৈছে। এই পৰ্যায়ত মুঠ ৪ হাজাৰ ৯৬৭ গৰাকী বহিঃমূল্যায়কে ১১ লাখ ৩৮ হাজাৰ ২৭৫ গৰাকী শিক্ষাৰ্থীৰ বহিঃমূল্যায়ন কৰিব।
Site Admin | February 4, 2025 7:54 PM | Gunotsav
ৰাজ্যৰ ১২,৩৭৫খন বিদ্যালয়ত গুণোৎসৱৰ তৃতীয় পৰ্যায় আৰম্ভ
