ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি পূৰ্বতকৈ উন্নত

ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ১১খন জিলাৰ ৪৮৭খন গাঁৱৰ বিভিন্ন অঞ্চল এতিয়াও বানৰ কবলত আছে। এই বানত ১ লাখ ৩০ হাজাৰতকৈও অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্রশাসনে স্থাপন কৰা ১০৯ টা আশ্রয় শিবিৰত ১০ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ইপিনে, বৰাক উপত্যকাত কুশিয়াৰা নৈৰ পানী বিপদ সীমাৰ ওপৰত আছে। বানৰ বাবে এতিয়াও কৰিমগঞ্জ জিলাৰ বহুলোক গৃহবন্দী হৈ থাকিবলগীয়া হৈছে। জিলাখনৰ তিনি শতাধিক বিদ্যালয়ৰ পাঠদান বানৰ বাবে ব্যাহত হৈ আছে।
লখিমপুৰত শিঙৰা নৈৰ ঢলে বিভিন্ন অঞ্চল বুৰাই পেলাইছে। ইপিনে, তিনিচুকীয়া জিলাৰ চৈখোৱা অঞ্চলত বানৰ লগতে খহনীয়াৰ সমস্যাই ভাবুকিৰ সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে। ডিব্ৰুগড় চহৰৰ চৌকিদিঙি, চিৰিংচাপৰি, আমোলাপট্টি, পাঁচ আলি, ফুলবাগান, কালিবাৰী আদি অঞ্চল কৃত্রিম বানত বুৰ গৈছে। চহৰখনত তীব্র যান-জঁটৰ ফলত যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। জনসাধাৰণে চহৰখনত দীৰ্ঘম্যাদী পৰিকল্পনাৰে কৃত্ৰিম বান ৰোধৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট বিভাগক আবেদন জনাইছে। ইপিনে, ৰাজ্যৰ ৯খন জিলাত আজি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। বৰষুণৰ লগতে ধুমুহা আৰু বজ্ৰপাতৰো আশংকা কৰা হৈছে। ১৯খন জিলাত বতৰ বিজ্ঞান বিভাগে ইয়েল’ এলাৰ্ট জাৰি কৰিছে। বিভাগীয় সূত্ৰই প্ৰকাশ কৰা মতে বজালি, বৰপেটা, বঙাইগাঁও, বাক্সা, চিৰাং, দৰং, ধুবুৰী, কামৰূপ আৰু গোৱালপাৰা জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে উজনি অসমৰ কেইবাখনো ইয়েল’ এলাৰ্ট জাৰি কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক