June 17, 2024 12:41 PM | Assam Flood

printer

ৰাজ্যৰ সাতখন জিলাৰ ৯৩ খন গাঁও বানৰ কবলত

কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এই পর্যন্ত সাতখন জিলাৰ ৯৩ খন গাঁও বানৰ কবলত পৰিছে। বানৰ কবলত পৰা জিলা কেইখন হৈছে— বাক্সা, বৰপেটা, বঙাইগাঁও, ধেমাজি, গোৱালপাৰা, কৰিমগঞ্জ আৰু দক্ষিণ শালমাৰা। জিলাকেইখনত এই পর্যন্ত ৫ হাজাৰ ৯৮৫ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। বানৰ কবলত পৰা লোকসকলৰ আশ্ৰয় আৰু সাহায্যৰ বাবে এই পর্যন্ত তিনিটা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে। কৰিমগঞ্জত স্থাপন হোৱা আশ্রয়শিবিৰত জিলাখনৰ ৯৩০ জন লোকক আশ্ৰয় দিয়া হৈছে। বৰপেটা আৰু তামুলপুৰৰ উপনৈৰ বাঢ়নি পানীয়ে কেইবাখনো গাঁও বুজাই পেলাইছে। বৰপেটা জিলাৰ হাউলিত কৃত্রিম বানে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ইপিনে তামুলপুৰৰ বৰলীয়া নৈৰ বাঢ়নি পানীয়ে মাজগাঁও ৰামে চুবুৰী আজি অঞ্চল প্লাবিত কৰিছে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ অন্তৰ্গত গুৱাহাটী-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ লুমছুলমত পাহাৰৰ শিল আৰু বৃহৎ ভূমিখণ্ড খহি পৰাত ৰাষ্ট্ৰীয় ঘাইপথটোৰে যাতায়ত ব্যাহত হৈ পৰিছে। বতৰ বিজ্ঞান বিভাগে ৰে’ড এলার্ট জাৰি কৰা লামডিং-বদৰপুৰ পাৰ্বত্য খণ্ডৰ ডিমাহাছাও অঞ্চলৰ মাজেৰে যোৱা ৰে’লপথসমূহত বোকাপানী জমা হৈ ৰে’ল আবদ্ধ হৈ পৰিব বুলি আশংকা কৰি উত্তৰ-পূব সীমান্ত ৰে’লৱে অঞ্চলটোৰ মাজেৰে চলাচল কৰি থকা কেইবাখনো ৰে’ল বাতিল কৰিছে।

অধিক পঢ়ক

সকলো চাওক