July 6, 2024 12:47 PM | Assam Flood

printer

ৰাজ্যৰ শেহতীয়া বানত ৩০খন জিলাৰ ২৪ লাখৰো অধিক লোক ক্ষতিগ্রস্ত

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি আজিও উন্নত হোৱা নাই। ৰাজ্যখনত বানত প্ৰভাৱিত জিলাৰ সংখ্যা ৩০ লৈ বৃদ্ধি পোৱাৰ লগতে ২৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। সমগ্ৰ ৰাজ্যত বানৰ ফলত ১১৩টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৩ হেজাৰ ৫শ খন গাঁও পানীত বুৰ গৈছে। ইপিনে, ৬৩ হাজাৰ হেক্টৰ কৃষিভূমিৰ শস্য বিনষ্ট হৈছে। বিগত ২৪ ঘণ্টাত কামৰূপ মহানগৰ জিলাত হোৱা ভূমিস্খলনত দুজন লোকৰ মৃত্যু হৈছে। আনহাতে, গোলাঘাট জিলাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত নমাৰী গাঁৱত কালি প্ৰলয়ংকাৰী বানৰ সোঁতত উটি যোৱা বিশ্বজিৎ ভূঞা নামৰ লোকজনৰ মৃত্যু হয়। বিত্ত মন্ত্রী অজন্তা নেওগে দেৰগাঁৱৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীৰ সৈতে প্ৰয়াত বিশ্বজিৎ‍ ভূঞাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সদস্যসকললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ৪ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰে । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড় জিলাৰ কেইবাটাও স্থানত বান পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে জিলাখনৰ খোৱাঙত বুঢ়ী দিহিং নৈৰ মথাউৰি ভাঙি জলমগ্ন হোৱা কেইবাখনো গাঁও কালি পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোৰ জনসাধাৰণে আশ্ৰয় লৈ থকা এটা শিবিৰ পৰিদৰ্শন কৰে। তেওঁ বানত প্ৰভাৱিত লোকসকলৰ প্রয়োজনীয় সকলো সা-সুবিধা প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি জ্যেষ্ঠ ব্যক্তি আৰু শিশুসকলৰ বিশেষ যত্ন ল’বলৈ তেওঁ জিলা প্ৰশাসনক নির্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে বান ক্ষতিগ্ৰস্ত ৰাইজক সাহায্য প্ৰদান কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। বিগত ২৪ ঘণ্টাত ৬ গৰাকীতকৈও অধিক লোকৰ মৃত্যু হোৱাত ৰাজ্যখনৰ বানত এতিয়ালৈ মৃত্যুৰ সংখ্যা ৫২ লৈ বৃদ্ধি পাইছে। ব্ৰহ্মপুত্ৰ, বৰাকৰ লগতে প্ৰায়বোৰ উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। এই বানত ২২৫টা পথ আৰু ১০ খন দলঙৰ লগতে অন্যান্য আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি হৈছে। ইফালে ১৫ লাখৰো অধিক জীৱ জন্তু বানৰ কবলত পৰিছে। গোলাঘাট জিলাৰ আয়ুক্ত ডাঃ পি উদয় প্রবীনে কালি খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত আলামী চাপৰি, পুৰণি নাৰমাৰি গাওঁ, মেদক, আলামী ৰাগদিয়া, গোলোং তেমেৰা, মিচিমিআটি, নামতেমেৰা, উপৰ তেমেৰা আদি গাঁও পৰিদৰ্শন কৰি বান প্রভাৱিত লোকসকলক সাক্ষাৎ কৰাৰ লগতে তেঁওলোকৰ সমস্যাসমূহৰ বুজ লয়। তেওঁ সমগ্ৰ অঞ্চলটোৰ বানত ক্ষতিগ্ৰস্ত বার্ট পথ, দলং আদি পৰ্যবেক্ষণ কৰাৰ লগতে সাহায্য সামগ্রী বিতৰণ ব্যৱস্থাৰ বুজ লয়। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ মহকুমা বিষয়াই কালি দিবং প্রাথমিক বিদ্যালয়, বৰফাকিয়াল প্রাথমিক বিদ্যালয়, পুৱাইমুখ প্রাথমিক বিদ্যালয় আৰু পুৱাইমুখ নগাওঁ প্ৰাথমিক বিদ্যালয়ক স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰে। তেওঁ বান ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত সাহায্য বিতৰণ ব্যৱস্থা মূল্যায়ন কৰাৰ লগতে শিবিৰত থকা লোকসকলে পৰ্যাপ্ত পৰিমাণে প্রাথমিক সা-সুবিধাসমূহ লাভ কৰিছে নে নাই সেই বিষয়েও বুজ লয়। ইপিনে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমত প্রবল বৃষ্টিপাতৰ সতর্কবাণী জাৰি কৰিছে। অসম চৰকাৰে বিভিন্ন স্থানত ইতিমধ্যে ৩৩৯টা সাহায্য বিতৰণ কেন্দ্ৰৰ লগতে ২৭৩টা সাহায্য শিবিৰ মুকলি কৰিছে। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীক ৰাজ্যখনত উদ্ধাৰ আৰু সাহায্য অভিযান কাৰ্যত নিয়োগ কৰা হৈছে ।

অধিক পঢ়ক

সকলো চাওক