ৰাজ্যৰ শিক্ষা বিভাগৰ তিনিটা পৰ্যায়ত গুণোৎসৱ

বিগত বৰ্ষসমূহৰ দৰে চলিত শিক্ষা বৰ্ষতো তিনিটা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ’ব। অহা ৬ জানুৱাৰীৰ পৰা ৰাজ্যৰ ৩৫ খন জিলাৰ মুঠ ৪৫,৬২৯ খন বিদ্যালয়ৰ ৪৩ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীক সামৰি এইবাৰৰ গুণোৎসৱ অনুষ্ঠিত হ’ব। সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত সম্পন্ন অভ্যন্তৰীণ বৈঠকৰ অন্তত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে কালি এই কথা অৱগত কৰে। শিক্ষামন্ত্ৰীয়ে জানিবলৈ দিয়া মতে এইবাৰৰ গুণোৎসৱত পূৰ্বৰ দৰেই অ এম আৰ শ্বিটৰ ব্যৱস্থা থাকিব। আনহাতে বিনামূলীয়া ইউনিফৰ্মৰ গুণগত মানৰ ভিত্তিত প্ৰথমবাৰৰ বাবে বিদ্যালয়সমূহক অতিৰিক্ত নম্বৰ প্ৰদান কৰা হ’ব। ৬ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ চলিবলগীয়া প্ৰথম পৰ্যায়ৰ গুণোৎসৱত বৰপেটা, বজালী, কাজিৰঙা, কামৰূপ, কাৰ্বিআংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচৰ আৰু ওদালগুৰি জিলাক সামৰি লোৱা হ’ব। আনহাতে ১৮ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ চলিবলগীয়া দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত ১৩ খন জিলাৰ ক্ৰমে বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামুলপুৰ আৰু তিনিচুকীয়াৰ বিদ্যালয়সমূহক সামৰি ল’ব। একেদৰে তৃতীয় পৰ্যায়ত ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ বঙাইগাঁও, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাচাও, মাজুলী আৰু পশ্চিম কাৰ্বি আংলঙৰ বিদ্যালয়সমূহত গুণোৎসৱ অনুষ্ঠিত হ’ব। ইপিনে নৱগঠিত বজালী আৰু তামুলপুৰৰ গুণোৎসৱ পৰিচালনাৰ দায়িত্ব পূৰ্বৰ অভিভাৱক জিলাৰ ওপৰতে ন্যস্ত থাকিব বুলি শিক্ষামন্ত্ৰীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক