ডাউনলোড
মোবাইল এপ

android apple
signal

January 26, 2025 11:06 AM | Padma award

printer

ৰাজ্যৰ যশস্বী নৃত্য শিল্পী, সত্ৰীয়া সংস্কৃতিৰ সাধক যতীন গোস্বামীলৈ চলিত বৰ্ষৰ পদ্মভূষণ সন্মা

ৰাজ্যৰ যশস্বী নৃত্য শিল্পী, সত্ৰীয়া সংস্কৃতিৰ সাধক যতীন গোস্বামীলৈ চলিত বৰ্ষৰ পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে। ইয়াৰ লগতে সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অনিল কুমাৰ বড়ো, গীতা উপাধ্যায় আৰু ডিমা হাচাও জিলাৰ প্ৰবীন লোকসংগীত শিল্পী জয়নাচৰণ বাথাৰী, কলাৰ ক্ষেত্ৰত ৰেবকান্ত মহন্তলৈ এই বৰ্ষৰ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। এইবাৰ দেশৰ ৭ গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্ম বিভূষণ, ১৯ গৰাকীলৈ পদ্মভূষণ আৰু ১১৩ গৰাকীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যৰ বিশিষ্ট ব্যক্তিয়ে এইবাৰ পদ্ম সন্মান লাভ কৰিছে। দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ইন্দ্ৰানী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আৰু অসম আৰক্ষীৰ আন ১৬ গৰাকী বিষয়ালৈ উৎকৃষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। উৎকৃষ্ট সেৱা পদক লাভ কৰা আৰক্ষী বিষয়া-জোৱানসকল হৈছে ক্ৰমে মহাপৰিদৰ্শক ৰফিউল আলম লস্কৰ, প্লেটুন কমাণ্ডাৰ প্রশান্ত হাতীবৰুৱা, উপ আৰক্ষী অধীক্ষক উপেন কলিতা, উপ-পৰিদৰ্শক খগেন্দ্ৰ ৰয়, উপ-পৰিদৰ্শক চিত্ৰমোহন ৰাভা, সহকাৰী উপ-পৰিদৰ্শক হেমেন ভূঞা, পৰিদৰ্শক বলোৰাম চাওদাং, হাবিলদাৰ হেৰেম্ব নাথ, উপ-পৰিদৰ্শক বিবেকানন্দ শৰ্মা, সহকাৰী উপ-পৰিদৰ্শক বিষ্ণুপ্ৰসাদ চেত্রী, হেড কনিষ্টবল দীপক কাকতি আৰু শংকু চৌধুৰী, নায়ক বাপধন ৰাজবংশী আৰু কনিষ্টবল গজেন মৰাণ ৷

অধিক পঢ়ক

সকলো চাওক