ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ মুঠ ৩৫৪ খন চাহ বাগিছা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ৰাজ্যৰ মুঠ ৩৫৪ খন চাহ বাগিছা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে আজি বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠান সম্পন্ন হয়। গুৱাহাটীত ৰাজ্যিক ভিত্তিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল আৰু চাহ তথা শ্রমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাৰ উপস্থিতিত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। এই চুক্তি অনুসৰি ৰাজ্য চৰকাৰে প্ৰতিখন বাগিছাত সুকীয়া চিকিৎ‍সালয় নিৰ্মাণৰ কাম গ্রহণ কৰিব আৰু প্ৰতিখন চিকিৎসালয়ৰ বাবে একোজনকৈ সমুহীয়া চিকিৎসা বিষয়া নিয়োগ কৰা হ’ব। একেদৰে চাহ বাগিচা কৰ্তৃপক্ষই নতুন চিকিৎসা ভৱন বা ইয়াৰ বিষয়া কৰ্মচাৰীসকলৰ বাবে আৱাস নিৰ্মাণৰ বাবে পৰ্যাপ্ত পৰিমাণৰ মাটি প্ৰদান কৰিব। চিকিৎসালয় সমূহত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত বিনামুলীয়া ঔষধ যোগান আৰু বিনামুলীয়া ৰোগ পৰীক্ষা আদিৰ ব্যৱস্থা কৰা হ’ব। এই চুক্তি সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলে এইদৰেকয়ঃ-বাইটইয়াৰ অংশ হিচাপে তিনিচুকীয়া জিলাৰ ৮০ খন চাহ বাগিছা চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই উদ্দেশ্যে আজি তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পাল আৰু ৮০ খন বৃহৎ চাহ বাগিছাৰ কৰ্তৃপক্ষৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। চৰাইদেউ জিলাতো আজি ২২ খন চাহ বাগিছাৰ চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বুজাবুজিৰ চুক্তি সম্পন্ন হয়।

অধিক পঢ়ক

সকলো চাওক