ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাক সাক্ষাৎ কৰি আকাশবাণীৰ সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা

অসম ভ্ৰমণৰত আকাশবাণীৰ সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীয়ে আজি ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাক সাক্ষাৎ কৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। তেওঁ এই সাক্ষাৎকালত মুখ্য সচিবগৰাকীক আকাশবাণী বাতৰি বিভাগৰ আকাশীবার্তা শীৰ্ষক স্মৰণিকাখনো উপহাৰ হিচাপে প্ৰদান কৰে। উল্লেখযোগ্য যে আকাশবাণীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজ্যখনলৈ অহা শ্ৰীমতী চক্ৰৱৰ্তীয়ে কালি আকাশবাণী গুৱাহাটীত উপস্থিত হৈ আঞ্চলিক বাতৰি বিভাগ আৰু কেন্দ্ৰটোৰ অন্য শীর্ষ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়। তেওঁ লগতে আঞ্চলিক বাতৰি বিভাগৰ নৱৰূপত সজাই তোলা কক্ষ উদ্বোধন কৰে।