কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি অসমৰ বান পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা টেলিফোনযোগে ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে বিৱৰণ দাঙি ধৰে। বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত ৰাজ্যখনক সহায় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সম্ভৱপৰ সকলো সহায়- সহযোগিতা আগবঢ়াব বুলি কেন্দ্রীয় মন্ত্রী শ্রী শ্বাহে মুখ্যমন্ত্ৰীক অৱগত কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন জিলাত বাঢ়নী পানী ক্রমাৎ শুকাবলৈ লৈছে যদিও ব্ৰহ্মপুত্ৰ, বুঢ়ী দিহিং আৰু দিচাং নৈৰ জলস্তৰ এতিয়াও বিপদসীমাৰ ওপৰত আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত বানৰ ফলত ৯৩ জন লোকৰ মৃত্যু হৈছে। ইপিনে কেন্দ্রীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ’ৰামে আজি শিৱসাগৰৰ টেঙাপানীৰ পৰা দিচাংমুখলৈ মথাউৰি পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত ৯ কোটি টকা ব্যয়ৰে ৰূপায়ণ হৈ থকা মথাউৰিটোৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে সংগ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিলাখনৰ উন্নয়নমূলক কাম- কাজ পর্যালোচনা কৰাৰ লগতে বান পৰিস্থিতিৰো খতিয়ান লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে জিলাখনৰ আহোম পথাৰ গাঁৱত জলজীৱন মিছনৰ অধীনত স্থাপন কৰা পানীযোগান আঁচনি উদ্বোধন কৰে। জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই এক্স যোগে জনোৱা অনুসৰি ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে ছিগি নিয়া মাজুলীৰ যুগুনিধাৰী মথাউৰিটোৰ দ অংশ অত্যাধুনিক প্রযুক্তিৰে জিঅ’ বেগত মাটি ভৰাই সম্পূৰ্ণ কৰা হৈছে লগতে মথাউৰিটোৰ ছিগা অংশৰ দুয়োটা মূৰ ১৫ দিনৰ ভিতৰত অত্যাধুনিক প্রযুক্তিৰে সংযোগ কৰা হৈছে। জলসম্পদ বিভাগৰ অধীনত ৰাজ্যৰ ছিগা মথাউৰিৰ মেৰামতিৰ কাম পূর্ণগতিত চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰী কেশৱ মহন্তই আজি নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত এক নম্বৰ গৰুমৰা, দুই নম্বৰ গৰুমৰা আৰু দুই নম্বৰ ভোমোৰাগুৰিৰ বান পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বানপীড়িত ৰাইজৰ অসুবিধান নহ’বৰ বাবে যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীৰ লগতে মিছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আশ্রয় গ্ৰহণ কৰি থকা বানপীড়িত ৰাইজৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে।
Site Admin | July 15, 2024 7:49 PM | HM-CM Flood