ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ মন্ত্ৰীসকলৰ লগতে স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকলৰ বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় পতাকা উত্তোলন

ৰাজ্যৰ আন আন জিলাতো স্বাধীনতা দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলৰ লগতে স্বায়ত্তশাসিত পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকলে বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বঙাইগাঁৱত, অতুল বৰাই নগাঁৱত, উৰ্খাও গৌড়া ব্ৰহ্মই দৰঙত, চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপত, কেশৱ মহন্তই হোজাইত, ডাঃ ৰণোজ পেগুৱে লখিমপুৰত, অশোক সিংহলে শোণিতপুৰত, যোগেন মহনে যোৰহাটত, সঞ্জয় কিষাণে তিনিচুকীয়াত, অজন্তা নেওগে গোলাঘাটত, পীযুষ হাজৰিকাই গোৱালপাৰাত, বিমল বৰাই ডিব্ৰুগড়ত, নন্দিতা গাৰ্লোছাই শিলচৰত, জয়ন্ত মল্লবৰুৱাই নলবাৰীত পতাকা উত্তোলন কৰে। আনহাতে, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে কোকৰাঝাৰত, কাৰ্বিআংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে ডিফুত, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গার্লোছাই হাফলঙত, বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ওদালগুৰিত আৰু অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে চৰাইদেউত পতাকা উত্তোলন কৰে। কৰিমগঞ্জ জিলাত জিলাখনৰ আয়ুক্ত মৃদুল যাদৱে স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। স্বাধীনতা দিৱসৰ দিনটোত ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালীয়ে অসামৰিক চিকিৎ‍সালয়ত ‘নৱজাতকৰ আধাৰ পঞ্জীয়ন’ কক্ষৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়কে ধৰি জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অতিৰিক্ত আয়ুক্ত আদি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক