ৰাজ্যৰ ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলৰ আগমণ

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনত ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলৰ আগমণ ঘটিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি বিয়লি উত্তৰ লখিমপুৰৰ এখন জনসভাত অংশগ্ৰহণ কৰে। লখিমপুৰ লোকসভা সমষ্টিৰ চুকুলীভৰীয়াত সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ সমৰ্থনত এখন জনসভাক সম্বোধন কৰি শ্ৰী শ্বাহে কয় যে, উত্তৰ পূৰ্বাঞ্চলে দেশৰ সফলতাৰ কাহিনী হিচাপে আত্মপ্রকাশ কৰিছে। বিগত ১০ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৯ হাজাৰ ৫০০ ৰো অধিক উগ্ৰপন্থী সদস্য আত্মসমৰ্পণ কৰি সমাজৰ মূলসুঁতিলৈ উভতি আহিছে বুলি তেওঁ মন্তব্য কৰে। অঞ্চলটোৰ নিৰাপত্তা পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন উত্তৰ পূবৰ ৮০ শতাংশ এলেকাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শৰ্মাৰ লগতে ভালেসংখ্যক দলীয় নেতা-কর্মী উপস্থিত থাকে। শ্ৰী শ্বাহে আজি সন্ধিয়া তিনিচুকীয়াৰ চলিহা নগৰৰ পৰা থানা চাৰিআলিলৈ এটা পথযাত্ৰাত অংশ লোৱাৰ বাবে জিলাখনত উপস্থিত হৈছে। ডিব্ৰুগড় সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ গৃহমন্ত্ৰীগৰাকীয়ে এই প্ৰচাৰ কাৰ্যসূচীত অংশ ল’ব। এই সমষ্টিটোত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ আৰু আম আদমী পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ইপিনে আম আদমী পাৰ্টীৰ নেত্ৰী আতিশীয়ে কালি দুলিয়াজানত দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলায় । নেত্ৰীগৰাকীয়ে আজি তিনিচুকীয়াত আৰু কাইলৈ তেজপুৰত দলীয় প্রার্থী মনোজ ধানোৱাৰ আৰু ঋষিৰাজ কৌণ্ডিন্যৰ হৈ প্ৰচাৰ চলোৱাৰ কথা। কংগ্ৰেছ দলৰ যোৰহাট সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ সমৰ্থনত ব্যাপক প্ৰচাৰ অব্যাহত আছে। ইপিনে, সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ আজি মন্ত্ৰী অজন্তা নেওগে শিৱসাগৰত চাৰিখন নির্বাচনী সভাত অংশগ্রহণ কৰে। আনহাতে, ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে আজি বৰপেটা জিলাৰ বিভিন্ন স্থানত প্ৰচাৰ চলায়। উল্লেখযোগ্য যে, সমষ্টি পুনৰনিৰ্ধাৰণ ফলত বৰপেটা জিলাৰ মন্দিয়া আৰু চেঙা বিধানসভা সমষ্টি ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত হৈছে। ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটগ্রহণ হ’বলগীয়া ৫টা সংসদীয় সমষ্টিৰ বাবে মুঠ ৩৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। মাজুলীত আজি মন্ত্রী পীযূষ হাজৰিকাই বিজেপি মিত্ৰজোঁটৰ যোৰহাট সমষ্টিৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ প্ৰচাৰ চলায়। মন্ত্ৰীগৰাকীয়ে পূব মাজুলীৰ বনগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ খেলপথাৰত প্ৰথমখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। এই সভাত কংগ্ৰেছ দলৰ কেবাগৰাকী কৰ্মীয়ে বিজেপিত যোগ দিয়ে। মন্ত্ৰীগৰাকীয়ে নামনি মাজুলীৰ চিলাকলা পঞ্চায়তৰ অন্তৰ্গত কাকৰীকটা গাঁৱত দ্বিতীয়খন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলাৰ ৰাজীৱ ভৱনত আজি কংগ্ৰেছ দলে এখন সংবাদমেলৰ আয়োজন কৰি দলৰ গেৰাণ্টি কাৰ্ড আৰু ইস্তাহাৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। এই সংবাদমেলত দলৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ গঠন হ’লে জাতিগত পিয়লৰ ক্ষেত্ৰত দলটোৱে ক্ষীপ্ৰতাৰে কাম কৰিব বুলি মত প্ৰকাশ কৰে । মৰিয়নী সমষ্টিত যোৰহাট জিলা বিজেপিয়ে আজি মাণ্ডলিক মুখ্য নির্বাচনী কার্যালয় উদ্বোধন কৰে ৷ ইপিনে, কোকৰাঝাৰ লোকসভা সমষ্টিৰ চিৰাং জিলাৰ বিজনীত আজি বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয়। এই অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক