ডাউনলোড
মোবাইল এপ

android apple
signal

July 23, 2024 9:54 AM | APSC Scam

printer

ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতত অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী গোচৰত দোষী সাব্যস্ত  ৩২ অভিযুক্তৰ আজি পুনৰ শুনানি

ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতে অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী গোচৰত দোষী সাব্যস্ত হোৱা ৩২ অভিযুক্তৰ আজি পুনৰ শুনানি গ্ৰহণ কৰিব। দোষী সাব্যস্ত হোৱা কৃষি উন্নয়ন বিষয়াসকলৰ শাস্তিৰ ম্যাদ সন্দৰ্ভত এই শুনানি গ্ৰহণ কৰা হ’ব। উল্লেখযোগ্য যে কালি বিশেষ ন্যায়াধীশৰ আদালতে এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ লগতে প্ৰাক্তন দুই সদস্য চামেদুৰ ৰহমান, বসন্ত কুমাৰ দলে আৰু ২৯ জন কৃষি উন্নয়ন বিষয়া পদত নিযুক্তি লাভ কৰা প্ৰাৰ্থীক ধনৰ বিনিময়ত চাকৰি লোৱা বিচাৰত দোষী সাব্যস্ত কৰিছিল। আদালতে কালি এই ৩২ জন লোকক আদালতৰ পৰাই কাৰাগাৰালৈ প্ৰেৰণ কৰিছিল । আনহাতে উপযুক্ত তথ্য প্রমাণৰ অভাৱত আন ১১ জন অভিযুক্তক আদালতে দোষমুক্ত হিচাপে ঘোষণা কৰিছে। উল্লেখযোগ্য যে ৰাকেশ কুমাৰ পাল অধ্যক্ষ হৈ থকা সময়ত ২০১৫ চনত এই কৃষি উন্নয়ন বিষয়াসকলক নিযুক্তি প্ৰদান কৰা হৈছিল। সেই সময়ত নিযুক্তিৰ নামত ব্যাপক ধনৰ লেনদেন হোৱাৰ অভিযোগ তুলি এগৰাকী প্ৰাৰ্থীয়ে ২০১৭ চনত ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছিল। এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিত ৰাকেশ কুমাৰ পাল সহ কেইবাজনো অভিযুক্তক ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে বিশেষ ন্যায়াধীশৰ আদালতে গোচৰটোৰ দৈনিক শুনানি গ্ৰহণ কৰে। প্ৰায় ৬বছৰ ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত কালি আদালতে ৩২ অভিযুক্তক দোষী সাব্যস্ত কৰে।

অধিক পঢ়ক

সকলো চাওক