শ্রমিকসকলে আগবঢ়াই অহা অৱদানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সমগ্ৰ বিশ্বতে আজি আন্তর্জাতিক শ্রমিক দিৱস পালন কৰা হৈছে। আজিৰ এই দিনটো মে’ দিৱস হিচাপেও পৰিচিত। অর্থনৈতিক আৰু সামাজিক অধিকাৰ লাভ কৰাৰ বাবে সমগ্ৰ বিশ্বৰ শ্রমিক সমাজে স্বীকাৰ কৰি অহা ত্যাগৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। কামৰ সময় দৈনিক ৮ ঘণ্টা নিৰ্ধাৰণৰ দাবীত ১৮৮৬ চনৰ আজিৰ দিনটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত অনুষ্ঠিত এখন বিশাল শ্রমিক সমাবেশৰ স্মৃতিচাৰণেৰে বিশ্বজুৰি এই দিৱস পালন কৰা হয়। সমগ্ৰ বিশ্বৰ শ্রমিক শ্ৰেণীৰ কল্যাণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি পালন কৰা এই শ্রমিক দিৱসৰ সৈতে সংগতি ৰাখি আজিৰ দিনটোত শ্রমিক সমাবেশ, আলোচনা চক্র, সভা-সমিতি আদিৰ আয়োজন কৰা হয় ৷ উল্লেখযোগ্য যে এইবেলি আন্তঃৰাষ্ট্ৰীয় শ্রমিক দিৱসৰ বিষয়বস্তু হৈছে – জলবায়ু পৰিৱৰ্তনৰ মাজত কৰ্মক্ষেত্ৰৰ সুৰক্ষা আৰু শ্ৰমিকৰ স্বাস্থ্য সুনিশ্চিত কৰা। এই বিষয়বস্তুৰ জৰিয়তে শ্রমিকসকলৰ সুস্বাস্থ্য তথা নিৰাপত্তাৰ বিষয়টোৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ বিচৰা হৈছে। দেশৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো আজি শ্রমিক দিৱস পালন কৰা হৈছে। শিৱসাগৰৰ আমগুৰিব টিফুক চাহ বাগিচাত কৃষি শ্রমিক, চাহ শ্ৰমিক আৰু ৰাইজৰ সহযোগত এই দিৱস পালন কৰা হয়। স্বচ্ছ অভিযান, পতাকা উত্তোলন, সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে দিৱসৰ সৈতে সংগতি ৰাখি এখন মুকলি সভা অনুষ্ঠিত হয়। একেদৰে নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানত কৰ্মৰত শ্রমিকসকলে এই দিৱস পালন কবে। ইপিনে কামৰূপ জিলাৰ ৰঙিয়াৰ বাছ আস্থানত কেইবাটাও শ্রমিক সংগঠনৰ উদ্যোগত এই দিৱস পালন কৰা হৈছে। শ্রমিক দিৱসৰ সৈতে সংগতি ৰাখি আমিনগাঁও, বকো, ছয়গাঁৱতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। দৰং জিলাব মঙলদৈৰ খাৰুপেটীয়া বাছ আস্থানত পুৱাৰে পৰা ভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছ ৰোপণৰ লগতে শ্রমিকসকলে এটি সজাগতামূলক ৰেলী উলিয়াই। গোসাঁইগাঁৱত ভালেসংখ্যক শ্রমিকে ৰেলী উলিয়াই শ্ৰমিকসকলৰ অধিকাৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। চৰাইদেউ জিলাতো অসম চাহ মজদুৰ সংঘৰ সোণাৰী শাখাৰ উদ্যোগত মথুৰাপুৰ, মাইবেলা আৰু নিমনাগড় প্রাথমিক শাখাৰ সহযোগত এই দিৱস পালন কৰা হয়।
Site Admin | May 1, 2024 6:55 PM | May Day
ৰাজ্যৰ বিভিন্ন স্থানত শ্রমিক দিৱস পালন
