May 4, 2024 8:11 PM | DRUGS SEIZED

printer

ৰাজ্যৰ বিভিন্ন স্থানত বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ

ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষী, আবকাৰী বিভাগ আৰু অন্যান্য সুৰক্ষা বাহিনীসমূহে বুজন পৰিমাণৰ মাদক দ্রব্য জব্দ কৰিছে। তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙা মেলাত আবকাৰী বিভাগ আৰু এছ এছ বিয়ে যুটীয়াভাৱে অভিযান চলাই বুজন পৰিমাণৰ সুৰাসহ দুজন লোকক আটক কৰিছে। আবকাৰী বিভাগে অবৈধ ভূটানী সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই থকাৰ মাজতে চুবুৰীয়া ৰাষ্ট্ৰখনৰ পৰা অবৈধভাৱে আমদানি কৰা সুৰাৰ ব্যৱসায় অব্যাহত আছে। এই বিষয়ে লাভ কৰা গোপন তথ্যৰ পৰিপ্ৰেক্ষিতত অভিযান চলাই জিলা আবকাৰী বিভাগে এছ এছ বিৰ সহযোগত এখন চাৰিচকীয়া বাহনত বুজন পৰিমাণৰ সুৰাসহ দুজন ব্যক্তি আটক কৰিবলৈ সমৰ্থ হয়। ইফালে হোজাই জিলাৰ লংকাত নিচাযুক্ত দ্ৰব্যৰ তিনিটা কণ্টেইনাৰসহ এজন সৰবৰাহকাৰীক লংকা আৰক্ষীয়ে আজি আটক কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আনহাতে লামডিং ৰে’লৱে জংচনতো নামনিমুৱা অবধ আছাম এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ পৰা ৰে’লৱে আৰক্ষীয়ে কালি নিশা কেইবা লক্ষাধিক টকাৰ হেৰ’ইন জব্দ কৰিছে। ইফালে পল্টনবজাৰস্থিত গুৱাহাটী ৰেল ষ্টেচনত আজি ৰে’লৱে আৰক্ষীয়ে গাঞ্জাসহ দুজন সৰবৰাহকাৰীক আটক কৰিছে । তিনিচুকীয়া জিলাতো মাৰ্ঘেৰিটাত মহকুমা আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰ’ইন আৰু নিচাযুক্ত দ্ৰব্য জোখা মেচিনসহ এজন যুৱকক আটক কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে কৰিমগঞ্জ জিলাতো আৰক্ষীয়ে বৰাইগ্রাম অঞ্চলত অভিযান চলাই বেংগালুৰুলৈ পৰিবহণৰ উদ্দেশ্যেৰে কুৰিয়াৰ প্ৰতিষ্ঠান এটাত গোটাই থোৱা বুজন পৰিমাণৰ হেৰইন চাবোনৰ বাকচত উদ্ধাৰ কৰে। আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যখিনি প্ৰেৰক আৰু গ্ৰাহকক বিচাৰি তদন্ত অব্যাহত ৰাখিছে।