আজি পহিলা মাঘ। ৰাজ্যৰ প্ৰান্তে প্রান্তে আজিও ভোগালী বিহু উপলক্ষে উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ আৰু ধৰ্মীয় স্থানসমূহত অগণন লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ মন্দিৰ তথা ধৰ্মীয় স্থানসমূহৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইৰ সত্ৰ-নামঘৰসমূহত আজি জনসাধাৰণে শৰাই আগবঢ়াই পূজা-অৰ্চনা কৰিছে। তদুপৰি পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে ঠায়ে ঠায়ে মাঘ বিহুৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
শিৱসাগৰ জিলাত আজি পহিলা মাঘৰ দিনা শিৱদৌল, দেৱীদৌলকে ধৰি বিভিন্ন ধর্মীয় স্থানসমূহত বহুলোকৰ সমাগম হৈছে। তদুপৰি ঠায়ে ঠায়ে পৰম্পৰাগত খেল-ধেমালি, পিঠা-পনা প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। জনসাধাৰণে আজি মাঘৰ প্ৰথম দিনা নিমন্ত্ৰিত অতিথি আৰু অভ্যাগতক সুস্বাদু খাদ্যৰে আপ্যায়ন কৰিব। মহাপুৰুষজনাৰ জন্মস্থান বটদ্ৰৱালৈ আজি পুৱাৰে পৰা দূৰ-দূৰণিৰ বহু ভক্তৰ আগমন হৈছে। পহিলা মাঘ উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণে ধৰ্মীয় স্থানসমূহলৈ গৈ নেদেখাজনৰ আশিস লোৱাৰ পৰম্পৰা অক্ষুণ্ণ ৰখাৰ দিহা কৰিছে। হিন্দু-মুছলমান আৰু বৌদ্ধ ধৰ্মৰ ত্রিবেণীসংগম ৰূপে খ্যাত কামৰূপ জিলাৰ তীৰ্থনগৰী হাজোত আজি পহিলা মাঘ উপলক্ষে বিশেষ গ্ৰহণ কৰা হৈছে। এই উপলক্ষে হাজো অঞ্চলত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। উল্লেখযোগ্য যে প্ৰতিবছৰে পহিলা মাঘৰ দিনটোত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ লগতে অন্য ধর্মীয় স্থানসমূহ দৰ্শন কৰিবলৈ অগণন লোকৰ সমাগম হয়। গোৱালপাৰা জিলাৰ শলমাৰীৰ ঐতিহাসিক শ্ৰীশ্ৰীশ্যামা কালী মন্দিৰতো আজি পুৱাৰে পৰা বহু ভক্তৰ সমাগম হৈছে। বৰপেটা জিলাত কালিৰে পৰা সত্ৰকেন্দ্ৰিক পৰম্পৰাৰে বিহু পালন কৰা হৈছে। বৰপেটা আৰু ইয়াৰ সমীপৱৰ্তী স্থানসমূহত কালি উৰুকা তথা স্থানীয় ভাষাত গাতা ৰখা উদযাপন কৰা হয় ৷ জিলাখনত আজি মেজি জ্বলোৱা হৈছে। নিয়ম অনুসৰি আজি বৰপেটা সত্ৰৰ টুপৰ চোতালত ভকতসকলে সজা মেজিত অগ্নিসংযোগ কৰাৰ পাছতহে সত্ৰৰ বাহিৰৰ স্থানসমূহত সজা মেজি জ্বলোৱা হয়। বৰপেটা জিলাৰ সৰভোগৰ শ্ৰীশ্ৰীগৰখীয়া গোসাঁই থানতো পৰম্পৰাগতভাৱে মাঘ বিহু পালন কৰা হৈছে। ঐতিহ্যমণ্ডিত থানখনত আজি দূৰ-দূৰণিৰ অনেক লোক সমবেত হৈ গৰখীয়া গোসাঁইলৈ সেৱা আগবঢ়ায়। বাক্সা জিলাৰ বিভিন্ন ঠাইত মাঘ বিহু উপলক্ষে আকর্ষণীয় কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। জিলাখনৰ কাৰহানাৰ শ্ৰীশ্ৰীকৃষ্ণ সত্ৰত কালিৰে পৰা তিনিদিনীয়াকৈ মাঘ বিহু উৎসৱ উদযাপন কৰা হৈছে। একেদৰে গুৱাহাটী মহানগৰীৰ ধৰ্মীয় স্থানসমূহতো অগণন লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। কামাখ্যা মন্দিৰ, বশিষ্ঠ মন্দিৰ, দৌলগোবিন্দ মন্দিৰ, উমানন্দ, শুক্ৰেশ্বৰ দেৱালয়কে ধৰি ধৰ্মীয় স্থানসমূহত আজি পুৱাৰে পৰা বহুলোক সমবেত হৈছে।
Site Admin | January 15, 2025 10:55 AM | Bhogali Bihu