July 9, 2024 8:57 PM | Employment

printer

ৰাজ্যৰ বিভিন্ন বিভাগত ৩৫ হাজাৰ পদত নিযুক্তিৰ বাবে শীঘ্ৰেই অভিযান আৰম্ভ কৰা হ’ব : মুখ্যমন্ত্ৰী

অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন বিভাগত ৩৫ হাজাৰ পদত নিযুক্তিৰ বাবে শীঘ্ৰেই অভিযান আৰম্ভ কৰিব। অহা বছৰৰ এপ্ৰিল মাহৰ ভিতৰত এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। তেওঁ কয় যে ১ লাখ নিযুক্তিৰ পাছত এয়া চৰকাৰৰ অন্যতম বৃহৎ পদক্ষেপ হিচাপে পৰিগণিত হ’ব। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলক সকাহ দিয়াৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। এই অনুসৰি অসম আৰক্ষীৰ ৬ হাজাৰ ৪০০ৰো অধিক পদত, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষকৰ ১৩ হাজাৰৰো অধিক পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব। শিক্ষক পদসমূহৰ বাবে শীঘ্ৰেই বিজ্ঞাপন প্ৰকাশ কৰা হ’ব। অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাৰ দ্বাৰা তৃতীয় বৰ্গৰ ৭ হাজাৰ ৫০০ৰো অধিক আৰু চতুৰ্থ বৰ্গৰ ৪ হাজাৰ ৫০০ৰো অধিক পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব। এই সমূহ পৰীক্ষা অহা বছৰৰ এপ্ৰিলৰ ভিতৰত সমাপ্ত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক