ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত বনভোজ দলৰ ব্যাপক সমাগম

বছৰটোৰ অন্তিমটো দেওবাৰত কালি বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰি বনভোজথলী বনভোজকাৰী দলেৰে ভৰি পৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজকাৰী দলসমূহে মানাহৰ নাৰায়ণগুৰিত থকা বেকী নৈত নৌকা বিহাৰ কৰি আনন্দ-উল্লাস কৰে বুলি বাক্সা জিলাৰ সংবাদদাতাই জনাইছে।ইফালে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহতো কালি বনভোজ দলৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ কেইবাটাও অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশত আত্মীয়, বন্ধু-বান্ধৱৰ সৈতে ভালেসংখ্যক লোকে বনভোজৰ আনন্দ উপভোগ কৰে। নুনমাটিৰ চূণশালি, বশিষ্ঠ, টেঘেৰীয়া, ৰাণী, দীপৰবিল, চন্দ্ৰপুৰৰ উপৰি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ বনভোজস্থলীসমূহত কালি বহু লোক সমবেত হয়। মৰিগাঁৱৰ পবিতৰা, চনকা, নগাঁৱৰ আকাশীগংগা, শিৱসাগৰৰ ঐতিহ্যমণ্ডিত স্থানসমূহৰ লগতে দিচাংমুখতো কালি বিভিন্ন প্ৰান্তৰ পৰা অহা বনভোজ দলসমূহে নৈসর্গিক পৰিৱেশত দিনটো অতিবাহিত কৰে। একেদৰে নামেৰী, কাজিৰঙা, চানডুবি, ওৰাং ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বিভিন্ন স্থানসমূহতো জনসাধাৰণে ভিৰ কৰে। অসম ৰাজ্যিক চিৰিয়াখানাতো কালি পুৱাৰে পৰা দৰ্শনাৰ্থীৰ বাবে বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হয়। গোৱালপাৰা জিলাৰ উপদ বিলৰ পাৰতো বনভোজ দল আৰু পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হয়। বিলখনলৈ বিদেশী পৰিভ্ৰমী চৰাইৰ আগমন ঘটাৰ লগে লগে পৰ্যটকৰ সংখ্যাও বৃদ্ধি হৈছে। বিলখনৰ নৈসর্গিক শোভা উপভোগ কৰি পৰ্যটকসকল আপ্লুত হয়। শ্রীসূর্য পাহাৰতো বছৰৰ শেষৰটো দেওবাৰ উপলক্ষে বনভোজ দলৰ আগমন ঘটে। মানস ৰাষ্ট্ৰীয় উদ্যানতো কালি দেশী-বিদেশী পৰ্যটকৰ ভিৰ পৰিলক্ষিত হয়। পর্যটকসকলে জীপ ছাফাৰীৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানৰ নৈসর্গিক সৌন্দর্য উপভোগ কৰে।

অধিক পঢ়ক

সকলো চাওক