ডাউনলোড
মোবাইল এপ

android apple
signal

December 29, 2024 9:03 PM | Picnic

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত বনভোজ দলৰ ব্যাপক সমাগম

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত আজি বনভোজ দলৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। আজি বছৰটোৰ অন্তিমটো দেওবাৰ হোৱা হেতুকে ৰাজ্যৰ বিভিন্ন বনভোজস্থলী আৰু পৰ্যটনস্থানসমূহত আনন্দৰে দিনটো অতিবাহিত কৰিবলৈ বহুলোকে ভিৰ কৰে। গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ কেইবাটাও অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশত আত্মীয়, বন্ধু-বান্ধৱৰ সৈতে ভালেসংখ্যক লোকে বনভোজৰ আনন্দ উপভোগ কৰে। নুনমাটিৰ চূণশালী, বশিষ্ঠ, টেঘেৰীয়া, ৰাণী, দীপৰবিল, চন্দ্ৰপুৰৰ উপৰি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ বনভোজস্থলীসমূহত আজি বহু লোক সমবেত হয়। মৰিগাঁৱৰ পবিতৰা, চনকা, নগাঁৱৰ আকাশীগংগা, শিৱসাগৰৰ ঐতিহ্যমণ্ডিত স্থানসমূহৰ লগতে দিচাংমুখতো আজি বিভিন্ন প্ৰান্তৰ পৰা অহা বনভোজ দলসমূহে নৈসর্গিক পৰিৱেশত দিনটো অতিবাহিত কৰে। একেদৰে নামেৰী, কাজিৰঙা, চানডুবি, ওৰাং ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বিভিন্ন স্থানসমূহতো জনসাধাৰণে ভিৰ কৰে। অসম ৰাজ্যিক চিৰিয়াখানাতো আজি পুৱাৰে দৰ্শনাৰ্থীৰ বাবে বিৰ দি বাৰ্ট নোপোৱা পৰিৱেশৰ সৃষ্টি হয়। গোৱালপাৰা জিলাৰ উপদ বিলৰ পাৰতো বনভোজ দল আৰু পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হয়। বিলখনলৈ বিদেশী পৰিভ্ৰমী চৰাইৰ আগমন ঘটাৰ লগে লগে পৰ্যটকৰ সংখ্যাও বৃদ্ধি হৈছে। বিলখনৰ নৈসর্গিক শোভা উপভোগ কৰি পৰ্যটকসকল আপ্লুত হয়। শ্রীসূর্য পাহাৰতো বছৰৰ শেষৰটো দেওবাৰ উপলক্ষে বনভোজ দলৰ আগমন ঘটে। মানস ৰাষ্ট্ৰীয় উদ্যানতো আজি দেশী-বিদেশী পৰ্যটকৰ ভিৰ পৰিলক্ষিত হয়। পৰ্যটকসকলে জীপ ছাফাৰীৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰে।

অধিক পঢ়ক

সকলো চাওক