ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৯০ সংখ্যক জয়ন্তী পালন কৰা হয়। জয়ন্তীৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ’ৰাৰ দাঁতিত প্ৰয়াত বৰুৱাদেৱৰ ব্ৰঞ্জৰ এটা পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি উন্মোচন কৰা হয় । অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই এই প্ৰতিমূৰ্তিটো উন্মোচন কৰে। ইলোৰা বিজ্ঞান মঞ্চই ৰাজ্যৰ বিভিন্ন স্থানত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত হেমকোষৰ স্ৰষ্টাগৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই কাৰ্যসূচীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষৰ লগতে ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি আৰু অন্যান্য কেইবাগৰাকীও আগশাৰীৰ লোক উপস্থিত থাকে। কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ আৰু ইলোৰা বিজ্ঞান মঞ্চৰ যুটীয়া উদ্যোগত বিশ্ববিদ্যালয়খনৰ ছুদমাৰ্ছন হ’লত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানতো কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য -অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই উদ্বোধন কৰে। অনুষ্ঠানত অসমীয়া ভাষা সাহিত্যলৈ হেমচন্দ্ৰ বৰুৱাৰ অৱদান শীর্ষক এখন আলোচনাচক্র অনুষ্ঠিত হয়। শিৱসাগৰ জিলাৰ হেমচন্দ্ৰ বৰুৱা উদ্যানতো আজি ভাষাৰ ওজাগৰাকীক স্মৰণ কৰাৰ উদ্দেশ্যে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়৷
Site Admin | December 10, 2024 7:05 PM | hemchandra baruah