ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি-নীতিৰে আড়ম্বৰপূৰ্ণভাৱে ৰাস মহোৎসৱ উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি-নীতিৰে আড়ম্বৰপূৰ্ণভাৱে ৰাস মহোৎসৱ উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। গোৱালপাৰা জিলাৰ ছন্দৰীয়াৰ সাৰ্বজনীন ৰাসমেলা খেলপথাৰত কাইলৈৰপৰা ৫ দিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। তদুপৰি জিলাখনৰ দুধনৈ ৰাজহুৱা খেলপথাৰত ১৫ দিনীয়া আৰু মাকৰিত ছদিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। ধুবুৰী জিলাৰ বিলাসীপাৰাতো কাইলৈ ১৬ দিনীয়া কাৰ্যসূচীৰে ৬৫ সংখ্যক শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ হ’ব। সেই অনুসৰি কাইলৈ পূজা, ভাগৱত পাঠ, নাম-কীৰ্তন আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব। শিৱসাগৰ নগৰৰ সমীপৰ ঢুলীয়া পাৰত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আঞ্চলিক ভিত্তিত ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে।
ইফালে, বিভিন্ন ৰাস উদযাপন সমিতিলৈ ২৫ হাজাৰ টকাকৈ আগবঢ়োৱাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি কালি কেইবাখনো ৰাস উদযাপন সমিতিক পর্যটন বিভাগে অতিৰিক্ত ৫০ হাজাৰ টকাকৈ আগবঢ়ায়৷

অধিক পঢ়ক

সকলো চাওক