ডাউনলোড
মোবাইল এপ

android apple
signal

November 10, 2024 6:57 PM | Majuli raas

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১৫ নৱেম্বৰৰ পৰা শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালনৰ প্ৰস্তুতি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা ১৫ নৱেম্বৰৰ পৰা শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি চলিছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ৰাস সমিতিসমূহৰ উদ্যোগত ৰাসৰ আখৰাকে ধৰি অন্যান্য প্রস্তুতি চলাই থকা হৈছে। মহানগৰীৰ ওদালবাক্ৰাত জনজাতীয় যুৱ কল্যাণ পৰিষদৰ উদ্যোগত আয়োজন কৰা ৰাস মহোৎসৱত ১৫০টা মৃণ্ময় মূৰ্তিৰে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰা হ’ব। শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা এই ৰাসলীলা বা ৰাস মহোৎসৱ উপলক্ষে মাজুলীকে ধৰি ৰাজ্যৰ অন্যান্য অঞ্চলসমূহতো উৎসাহ উদ্দীপনাৰ সৃষ্টি হৈছে। মাজুলীৰ দক্ষিণপাট সত্ৰৰ লগতে গড়মুৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী আদি সত্ৰত পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা ৰাস উৎসৱ মাজুলীৰ অন্যতম উৎসৱ আৰু দেশ বিদেশৰ পর্যটকসকলকো এই উৎসৱৰ বাৰেৰহনীয়া পৰম্পৰাই আকৰ্ষিত কৰে। উজনি অসমৰ লখিমপুৰকে ধৰি আন কেইবাখনো ঠাইত ৰাসলীলা উদ্যাপনৰ বাবে আখৰাকে ধৰি প্রস্তুতি চলি আছে। নামনি অসমৰ হাউলী, নলবাৰী, বজালীকে ধৰি বিভিন্ন অঞ্চলত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উপলক্ষে যথাবিহিত ৰীতি-নীতিৰে পূজা অৰ্চনাৰ লগতে মৃণ্ময় মূৰ্তিৰ সহায়ত ৰাসলীলা পৰিবেশন কৰা হয়। বর্তমান সময়ত আটকধুনীয়া আলোকসজ্জা আৰু প্ৰযুক্তিৰ ব্যৱহাৰ কৰি এই ৰাসলীলা উপভোগ্য কৰি তোলা হয়।

অধিক পঢ়ক

সকলো চাওক