ডাউনলোড
মোবাইল এপ

android apple
signal

November 10, 2024 11:32 AM | Krishna Raas Assam

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি অব্যাহত আছে। শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা এই ৰাসলীলা বা ৰাস মহোৎসৱ উপলক্ষে মাজুলীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত উৎসাহ উদ্দীপনা সৃষ্টি হৈছে। অহা ১৫ নৱেম্বৰৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানত ৰাস মহোৎসৱ উদযাপিত হ’ব। মাজুলীৰ দক্ষিণপাট সত্ৰৰ লগতে গড়মুৰ, আউনীআঁটী, বেঙেণাআঁটী, কমলাবাৰী আদি সত্ৰত পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা ৰাস উৎসৱ মাজুলীৰ অন্যতম উৎসৱ হিচাপে বিবেচিত হোৱাৰ লগতে দেশ বিদেশ পর্যটকসকলকো এই উৎসৱৰ বাৰেৰহণীয়া পৰম্পৰাই আকৰ্ষণ কৰে। সত্ৰীয়া সংস্কৃতিৰ প্রাণকেন্দ্র মাজুলীত এইবাৰো ৰাসলীলাৰ আখৰা পূর্ণোদমে চলি আছে। উজনি অসমৰ লখিমপুৰ, শিৱসাগৰ, যোৰহাটকে ধৰি আন কেইবাখনো ঠাইত ৰাসলীলা উদযাপনৰ বাবে আখৰাকে ধৰি প্ৰস্তুতি চলি আছে। গুৱাহাটী মহানগৰীতো ৰাস উদযাপনৰ প্ৰস্তুতি অব্যাহত আছে। নামনি অসমৰ হাউলী, নলবাৰী, বজালীকে ধৰি বিভিন্ন অঞ্চলত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উপলক্ষে যথাবিহিত ৰীতি-নীতিৰে পূজা অৰ্চনাৰ লগতে মৃন্ময় মুর্তিৰ সহায়ত ৰাসলীলা পৰিবেশন কৰা হয়। বর্তমান সময়ত আটকধুনীয়া আলোকসজ্জা আৰু প্ৰযুক্তিৰ ব্যৱহাৰ কৰি এই ৰাসলীলা উপভোগ্য কৰি তোলা হয়।

অধিক পঢ়ক

সকলো চাওক