ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তী উদযাপন

কোচবিহাৰৰ মধুপুৰ সত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তী পুৱা ৬বজাত প্রভাতী কীৰ্তনেৰে শুভাৰম্ভ কৰা হয়। অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ তৰফৰ পৰা জনোৱা অনুসৰি শ্ৰীমন্ত শংকৰদেৱ জয়ন্তী উপলক্ষে আজি ভাগৱত পাঠ, আয়তিৰ নাম পৰিবেশন, ধর্মালোচনী সভাৰ লগতে সন্ধিয়া বন্তি প্রজ্জ্বলন কাৰ্যসূচী অনুষ্ঠিত হ’ব। ইপিনে, সত্ৰপীঠ মাজুলীত কালিৰে পৰাই গুৰুজনাৰ ৫৭৬ সংখ্যক জন্মোৎসৱ অনুষ্ঠিত হৈছে। সত্ৰ আৰু নামঘৰ সমূহৰ সমান্তৰালকৈ আঞ্চলিক ধর্মালোচনী সভা সমূহৰ উদ্যোগত কালিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ জয়ন্তী অনুষ্ঠিত হয়। উজনি মাজুলী শ্ৰীৰাম ভকতিদুৱাৰ আঞ্চলিক ধর্মালোচনী সভাৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মুদৈবিল বৰনামঘৰত গুৰুজনাৰ জন্মোৎসৱ অনুষ্ঠিত হয়। প্রথমদিনা পুৱা ঊষা কীৰ্তন, পৰিবেশ নিকাকৰণৰ পাছত গছপুলি ৰোপন কৰা হয়। ইয়াৰ পাছতে ২১গৰাকী বিশিষ্ট ব্যক্তিয়ে ২১খন ধর্মধবজা উত্তোলন কৰে। লগতে বন্তি প্ৰজ্জ্বলন, চিত্রাংকন প্রতিযোগিতা আৰু দিহানাম প্রতিযোগিতাও অনুষ্ঠিত হয়। ডুমডুমা আৰু ফিল’বাৰিতো আজিৰে পৰা ১৫ অক্টোবৰলৈকে তিনি দিনীয়াকৈ শ্ৰীমন্ত শংকৰ উৎসৱৰ জন্মোৎসৱৰ আয়োজন কৰা হৈছে। ডুমডুমা নামঘৰত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হ’ব। কাৰ্যসূচীৰ লগত সংগতি ৰাখি বৰগীত, সত্ৰিয়া নৃত্য, দিহা নাম আদিকে ধৰি বিভিন্ন প্রতিযোগিতা অনুষ্ঠিত কৰাৰ দিহা কৰা হৈছে। ফিল’বাৰী বৰ নামঘৰতো বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সহযোগত গুৰুজনাৰ জয়ন্তী উদযাপন কৰাৰ বাবে ব্যাপক প্রস্তুতি চলাইছে বুলি জানিব পৰা গৈছে ৷ গুৱাহাটীতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ আয়োজন কৰা হৈছে। লাচিত নগৰ ৰাজহুৱা নামঘৰত আজি গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হ’ব। এই উপলক্ষে আজি পুৱা ১০ বজাত লাচিত নগৰ নামঘৰৰ পৰা ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। আনহাতে খাৰঘূলীৰ শংকৰজোতি কেন্দ্ৰই দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ আৰু পৰহিলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক আৱিৰ্ভাব মহোৎসৱ পালন কৰিব। কেন্দ্ৰৰ নামঘৰ প্ৰাংগণত প্ৰাতঃ প্ৰসংগ, ভাগৱত ভ্ৰমণ আৰু ঊষা কীর্তন, সমূহীয়া নাম-প্ৰসংগ, দিহা নাম, বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক