June 18, 2024 12:51 PM | Assam Flood

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ভালেমান অঞ্চল পুনৰ বানৰ কবলত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুনৰ বানৰ আশংকাই দেখা দিছে। বিভিন্ন প্ৰান্তত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ভালেমান অঞ্চল বাঢ়নি পানীয়ে বুৰাই পেলাইছে। এই পর্যন্ত ৰাজ্যৰ ১৪ খন জিলাৰ এক লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কোকৰাঝাৰ, নলবাৰী, কৰিমগঞ্জত বিগত ২৪ ঘণ্টাত প্রবল বৃষ্টিপাতৰ ফলত বান পৰিস্থিতি অবনতি ঘটিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰা অনুসৰি ৰাজ্যত তিনিশৰো অধিক গাঁও বানৰ কবলত পৰিছে । বানত তামুলপুৰ, বঙাইগাঁও, কৰিমগঞ্জ, লখিমপুৰ, ওডালগুৰি, দৰং, ধেমাজি, নগাঁও, হোজাই, চিৰাং, বৰপেটা, বাক্সা, নলবাৰী, গোৱালপাৰা জিলা ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। কৰিমগঞ্জ জিলাৰ বান পৰিস্থিতিয়ে অধিক জটিল ৰূপ ধাৰণ কৰিছে। জিলাখনৰ ৯০ হাজাৰ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। নগাঁৱত চাৰিহাজাৰ ৯৮২ জন, ধেমাজিত তিনি হাজাৰ ৬২১ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। এই পর্যন্ত এহেজাৰ পাঁচ হেক্টৰ কৃষি ভূমিৰ কৃষি শস্য বানত বুৰ গৈছে। গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰই ওদাৰগুৰি, দৰং, মৰিগাঁও, নগাঁও, গোলাঘাট আৰু কাৰ্বি আংলং জিলাত প্রবল বৃষ্টিপাতৰ আগজাননী দিছে। ৰাজ্যৰ কেইবাটাও নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ থকা বুলি দুৰ্যোগ প্রশমন বিভাগে প্ৰকাশ কৰিছে। দুধনৈ, পুথিমাৰী, ধনশিৰি, কপিলি, পাগলাদিয়া নদীৰ জলস্তৰ বৃদ্ধি পাইছে। উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ উপনৈ দিচাং, দিখৌ, বুঢ়ী দিহিঙৰ জলস্তৰো দ্ৰুতগতিত বৃদ্ধি পাইছে। দুই-এদিনতে সোৱণশিৰি জলস্তৰো বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে । নগাঁও জিলাৰ কামপুৰত কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত কামপুৰ এলেকা পুনৰ বানৰ কৱলত পৰা আশংকাই দেখা দিছে। নগাঁও জিলা প্রশাসনে অঞ্চলটোৰ নৈপৰীয়া ৰাইজক সজাগ হৈ থাকিবলৈ সতর্কতা জাৰি কৰিছে। ইপিনে, কপিলী নৈৰ বানে হোজাই জিলাৰ কেইবাখনো গাঁও বুৰাই পেলাইছে। জিলাখনৰ থেপ্লাগুৰি, যাঠীহুৰা, হাতীমৰা, নভঙাকে ধৰি কেইবাখনো গাঁও বানে বুৰাই পেলাইছে। মঙলদৈৰ বাঁহজানীত নোৱা নৈৰ পূব দিশৰ মথাউৰি ছিগি যোৱাৰ ফলত কমেও ১০ খন গাঁও প্লাৱিত হৈছে। পূব বাঁহজানী, পশ্চিম বাঁহজানী, দলৈচুবা, কমাৰপাৰাকে ধৰি গাঁওখনৰ খেতিপথাৰ বানত বুৰ যোৱাৰ লগতে বাসগৃহত পানী সোমোৱাৰ ফলত জনসাধাৰণ সমস্যাৰ সন্মুখীন হৈছে। ইপিনে, গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি আৰু কাইলৈ ৰাজ্যখনত বিজুলী- ঢেৰেকণিৰ সৈতে ধাৰাসাৰ বৰষুণৰ আশংকা কৰি ৰেড এলার্ট জাৰি কৰিছে।

অধিক পঢ়ক

সকলো চাওক