অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা নৈৰ ঘাট আৰু খাল-বিলসমূহত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। পুৱাই গঞা ৰাইজে গোহালিৰ গৰুকেইটা নোৱাই ধোৱাই বছৰটোলৈ গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে বিহু উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে বিহুৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা বৈশাখী, পহিলা বৈশাখ, মেষাদি, পুতান্দু পিৰাপুকে ধৰি নৱবৰ্ষৰ উৎসৱসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই অসমীয়াৰ বাপতিসাহোন ৰঙালি বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভক্ষণত ৰাজ্যবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰঙালী বিহুৱে সংস্কৃতি আৰু পৰিৱেশৰ মাজৰ চিৰ বিৰাজমান আন্তঃসম্পৰ্ক প্ৰতিফলিত কৰে বুলি ৰাজ্যপালগৰাকীয়ে মত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰঙালী বিহু উপলক্ষে ৰাজ্যবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।
ৰাজ্যৰ আন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাতো উলহ-মালহেৰে গৰু বিহু পালন কৰা হৈছে। জিলাখনৰ বিভিন্ন নৈ-ঘাট আৰু অন্যান্য জলাশয়সমূহত উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে। গৃহস্থসকলে মাহ-হালধীৰে নোৱাই-ধোৱাই গৰু-গাইবোৰৰ শ্ৰীবৃদ্ধি কামনা কৰে।
বজালী জিলাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে পহুমৰা নৈৰ পাৰত পৰম্পৰাগত নিয়মেৰে স্থানীয় ৰাইজৰ সৈতে মিলি গৰু বিহু পালন কৰে। দৰঙতো সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা বৰমপুৰ ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত নোৱা নৈৰ পাৰত গৰু বিহু পালন কৰা হয়। বাক্সা জিলাত পৰম্পৰা অনুযায়ী লাও-বেঙেনা- হালধী আদিৰ মালা গাঠি, গৰুৰ শিঙত তেল সানি নোৱাই-ধোৱাই গৰু বিহু পালন কৰা হয়। শোণিতপুৰ জিলাৰ জামুগুৰিত বিধায়ক পদ্ম হাজৰিকাই পাঁচ শতাধিক গৰু-গাইক পৰম্পৰাগত নিয়মেৰে নোৱাই-ধোৱাই গৰু বিহুৰ পৰম্পৰা পালন কৰে ৷
ডিব্ৰুগড়তো কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাবুৱাৰ বিন্ধাকটা মুলুক গাঁৱত গৰুক গা-ধুৱাই গৰু বিহু পালন কৰে। ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে থলুৱা ৰীতিৰে কণী যুঁজতো অংশগ্ৰহণ কৰে। ডিব্ৰুগড়ৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰো অংশ বিশেষে পৰম্পৰা ৰক্ষা কৰি কণী যুঁজৰ আয়োজন কৰা হৈছে। কামৰূপ জিলাত উত্তৰ গুৱাহাটী উত্তৰা অঞ্চল ৰঙালী সমিতিয়ে আজি গৰু বিহুৰ লগত সংগতি ৰাখি গছ-গছনিকো বিহুৱান প্ৰদান কৰে। শিলচৰতো ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে মিলি শিক্ষানুষ্ঠানটোৰ বাকৰিত গৰু বিহুৰ পৰম্পৰা পালন কৰে। ইয়াৰ লগতে অসমীয়া পৰম্পৰাগত হুঁচৰিও প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে আজিৰে পৰা ৰঙালী বিহুৰ অন্যতম সাংস্কৃতিক পৰম্পৰা হুঁচৰি পৰিৱেশনো আৰম্ভ হয়। চৰাইদেউ জিলাৰ চেমনীয়াসকলে জিলাখনৰ গ্ৰাম্যাঞ্চলসমূহত গৃহস্থৰ চোতালত হুঁচৰি পৰিৱেশন কৰিছে। একেদৰে শিৱসাগৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট, মাজুলী ইত্যাদি উজনি অসমৰ বিভিন্ন অঞ্চলত পুৱাৰ ভাগত ৰাইজে গৰু নোওৱাৰ পাছত ঢোল-পেঁপাত ৰগৰ তুলি হুঁচৰিলৈ বুলি ওলাই আহিছে। বিগত বৰ্ষৰ দৰে বহাগক আদৰিবলৈ এইবাৰো সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আজি জজ খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰে। এই অনুষ্ঠানত ৰাজ্যখনৰ কেইবাটাও প্রখ্যাত বিহু হুঁচৰি আৰু অন্যান্য লোক- নৃত্যৰ দলে অংশগ্ৰহণ কৰে। অসমৰ সমাজ জীৱনলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। ৰাজ্যৰ সত্ৰ সমূহতো আজি গৰু বিহুৰ লগত সংগতি ৰাখি চ’ত-ব’হাগৰ সংক্ৰান্তি পালন কৰা হৈছে। মাজুলী আৰু বৰপেটাৰ সত্ৰ অনুষ্ঠানসমূহত সূৰ্যৰ দিশ পৰিৱৰ্তন হোৱা এই সংক্ৰান্তিৰ সৈতে সম্পৰ্ক থকা ধৰ্মীয় আৰু লোক পৰম্পৰাসমূহ পালন কৰা হয়। ইতিহাস প্রসিদ্ধ বকোৰ শক্তিপীঠ পাৰ্বতী পাহাৰত আজি বিষুৱ সংক্রান্তি উপলক্ষে পার্বতী মেলাৰ উদযাপন কৰা হয়। বকো চহৰৰ পৰা চাৰি কিলোমিটাৰ দূৰত অৱস্থিত এই শক্তি পীঠত আজি ভক্তৰ সমাগম হয়।