ডাউনলোড
মোবাইল এপ

android apple
signal

April 6, 2025 8:08 PM | Basanti Puja

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় ৰীতি-নীতিৰে বাসন্তী পূজা পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় ৰীতি-নীতিৰে বাসন্তী পূজা পালন কৰা হৈছে। বাসন্তী পূজাৰ নৱমী তিথি উপলক্ষে কাছাৰৰ গাওঁ-চহৰত উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে। শিলচৰৰ ৰাজহুৱা মণ্ডপত আয়োজিত বাসন্তী পূজাত বিশেষ যজ্ঞ কৰা হয়। লগতে যুৱক-যুৱতীৰ ঢোল বাদন আৰু ধুনুছি নৃত্য পৰিবেশন কৰে। শিলচৰৰ পঞ্চানন শিৱবতি বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত আয়োজিত বাসন্তী পূজাত ভক্তৰ ব্যাপক ভিৰ পৰিলক্ষিত হয়। একেদৰে ৰাম নৱমী উপলক্ষে কাছাৰ জিলাৰ বিভিন্ন অঞ্চলত বিশেষ পূজাৰ আয়োজন কৰা হয়৷ সমগ্ৰ দেশৰ লগতে অসমতো ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ উদ্দীপনাৰে ৰাম নৱমী উদ্‌যাপন কৰা হৈছে। কামৰূপ জিলাৰ হাজোৰ পাকৰকোনাত দিনযোৰা কাৰ্যসূচীৰে ৰামনৱমী পালন কৰা হয়। ৰাম নৱমী উপলক্ষে পুৱা ধৰ্মধবজা উত্তোলন আৰু বন্তি প্ৰজ্বলন কৰা হয়। ৰাম নৱমী পূজাত বিভিন্ন প্ৰান্তৰ পৰা অহা আয়তীসকলে নাম প্রসংগ পৰিবেশন কৰে। অযোধ্যাতো উলহ-মালহেৰে ৰাম নৱমী উদ্‌যাপন কৰা হৈছে। ৰাম জনমভূমি মন্দিৰত ৰাম নৱমী উপলক্ষে বিশেষ ধর্মীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাম নৱমী উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বার্তাযোগে কয়, যে ভগৱান ৰামৰ জীৱনে সত্য, ধৰ্ম আৰু ন্যায়ৰ পথ অনুসৰণ কৰাৰ অনুপ্ৰেৰণা দিয়ে এই উৎসৱে নিষ্ঠা আৰু উৎসৰ্গাৰ মনোভাৱেৰে মানৱ জাতিৰ সেৱাৰ বাৰ্তা কঢ়িয়াই বুলিও ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰকাশ কৰে। তেওঁ কয়, যে এই উৎসৱে জনসাধাৰণক ত্যাগ আৰু নিস্বাৰ্থ প্ৰেমৰ প্ৰমূল্যৰাজি আকোৱালি ল’বলৈ উৎসাহিত কৰে।

অধিক পঢ়ক

সকলো চাওক