ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজিত লোক আদালতৰ জৰিয়তে কালি ২৯ হাজাৰৰো অধিক গোচৰ নিষ্পত্তি কৰা হয়। দেশৰ বাকী অংশৰ লগতে অসমতো আয়োজন কৰা এই লোক আদালতত প্ৰাৱম্ভিক পৰ্যায়ত মোকদমা আৰু বিচাৰাধীন দুই লাখৰো অধিক গোচৰ লোৱা হয়। ইয়াৰে ভিতৰত ২৯ হাজাৰ ২১ টা গোচৰ সমিল মিলেৰে নিষ্পত্তি কৰা হয় আৰু জৰিমনা আদিৰ বাবদ ১২৭ কোটি ৮৪ লাখৰো অধিক ধন সংগ্রহ হয়। হাটশিঙিমাৰী জিলা আইন সেৱা প্ৰাধিকৰণে আয়োজন কৰা লোক আদালতৰ দ্বাৰা কালি জিলাখনৰ বিচাৰাধীন এহেজাৰ ২৮৮টা গোচৰৰ ভিতৰত ৬৭১টা গোচৰ নিষ্পত্তি কৰা হয়। ইয়াৰে ভিতৰত অসম শক্তি বিতৰণ লিমিটেডৰ সৈতে জড়িত ৫৫২ গোচৰ আছে। জিলাখনত এইবেলি লোক আদালতৰ জৰিয়তে এক কোটি ৪লাখ ২২ হাজাৰ ৯৯২ টকা সংগ্ৰহ কৰা হৈছে বুলি এখন সংবাদ মেলত জিলা আইন সেৱা প্ৰাধিকাৰীৰ উচ্চবৰ্ণৰ সহায়কে জানিবলৈ দিয়ে।
পশ্চিম কাৰ্বি আংলঙৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয় কালি অনুষ্ঠিত পঞ্চমটো লোক আদালতৰ মাধ্যমেৰে ৫৫০ টা গোচৰ ৪৪ শতাংশ গোচৰ নিষ্পত্তি কৰা হয়। এই লোক আদালতত যান-বাহন, বৈবাহিক বিবাদ, বেংক ঋণ সম্বন্ধীয় গোচৰসমূহ নিষ্পত্তি হোৱা বুলি জানিবলৈ পোৱা গৈছে।
একেদৰে বৰপেটা জিলাত অনুষ্ঠিত লোক আদালতত বিভিন্ন বিষয়ৰ ৮৭২ টা গোচৰ নিষ্পত্তি কৰা হয়। নিষ্পত্তিৰ বাবে গ্ৰহণ কৰা মুঠ গোচৰৰ সংখ্যা আছিল ৮২০১টা। নিষ্পত্তি হোৱা গোচৰবোৰৰ জৰিয়তে জৰিমনাসহ ২ কোটি ৫০ লাখ ৬১ হাজাৰ ৭৬৩টকা আদায় কৰা হয়৷
ধুবুৰীতো কালি জিলা ন্যায়িক আদালত প্ৰাঙ্গনত লোক আদালতৰ আয়োজন কৰা হয়। এই আদালতত বেংক ঋণ আৰু বিদ্যুৎ মাছুল আদায়সহ মুঠ ১৪০২ টা গোচৰ নিষ্পত্তি কৰা হয়। ইয়াৰ উপৰি জিলাখনত ৭১১ টা মটৰ দুৰ্ঘটনা, দেৱানি, ফৌজদাৰী গোচৰ নিষ্পত্তি কৰা হয়।
Site Admin | March 9, 2025 11:53 AM | Lok Adalat
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজিত লোক আদালতৰ জৰিয়তে ২৯ হাজাৰৰো অধিক গোচৰ নিষ্পত্তি
