ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মিচিং জনজাতীয় লোকসকলে মাহজোৰা প্ৰস্তুতিৰ অন্তত কৃষিভিত্তিক উৎসৱ আলি-আয়ে- লৃগাং পালন কৰিছে। এই উৎসৱক লৈ মিচিং বসতিপ্রধান অঞ্চলসমূহত উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে। অসমীয়া সমাজ জীৱনৰ সমন্বয়ৰ সেঁতু গঢ়ি মিচিং জনজাতীয় লোকসকলে প্ৰতিবছৰে এই উৎসৱ পালন কৰি আহিছে। আলি মানে হৈছে শস্যৰ বীজ, আঃয়েৰ অৰ্থ হৈছে গা-গছৰ ওপৰত হোৱা ফল বা গুটি আৰু লৃগাং শব্দৰ অৰ্থ হৈছে ৰোপণ কাৰ্য। এই কৃষিভিত্তিক উৎসৱত বীজ ৰোপণ কাৰ্য আৰম্ভ কৰাৰ লগতে এই উৎসৱৰ সৈতে জড়িত গীত-নৃত্যসমূহে মিচিংসকলৰ ঐতিহ্য আৰু পৰম্পৰাক প্ৰতিনিধিত্ব কৰি আহিছে। আলি-আয়ে-লৃগাং উপলক্ষে ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, উত্তৰ-লখিমপুৰ, ধেমাজি, শোণিতপুৰ, বিশ্বনাথ চাৰিআলি, গোলাঘাট, মাজুলী আৰু চৰাইদেউ জিলাত আজি চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উজনি-মাজুলীতো এই উৎসৱ উপলক্ষে মিচিং জীয়ৰী-বোৱাৰীসকলে পৰম্পৰাগত গীত-নৃত্যৰে পৰিৱেশ মুখৰ কৰি তুলিছে। মাজুলীত অহা ২২ আৰু ২৩ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে আলি-আয়ে-লৃগাং উদযাপন সমিতিৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে এই উৎসৱৰ আয়োজন কৰা হৈছে। ইপিনে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু সদৌ গুৱাহাটী মিচিং কেবাঙৰ সহযোগত আজি পাঞ্জাবাৰীৰ শিল্পগ্রামত আলি-আয়ে-লৃগাঙৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই মুখ্য অতিথি হিচাপে আৰু ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত গুৱাহাটীৰ লোক সমষ্টিৰ সাংসদ, বিজুলী কলিতা মেধি, ঢকুৱাখনা বধান সভা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলে আৰু মাজুলী বিধান সভা সমষ্টিৰ বিধায়ক ভূৱন গাম বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব। জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে ভাগ ল’ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আলি-আয়ে-লৃগাং উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শস্য সিঁচাৰ এই পৱিত্ৰ উৎসৱে ধৰিত্ৰীক উৰ্বৰা কৰি কৃষকৰ সপোন সফল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কামনা কৰে।
Site Admin | February 19, 2025 3:10 PM | Akashvani News | ali aye ligang
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আলি-আয়ে- লৃগাং পালন
