অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু উপলক্ষে আজি সমগ্ৰ ৰাজ্যতে ব্যাপক উছাহ-উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰিছে। আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি নেদেখাজনৰ আশিস লয়। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লয়। সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগালী বিহুৰ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ কৰি শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই অনাৰ বাবে ৰাইজে কামনা কৰে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহু পালনৰ বাতৰি আমালৈ আহি আছে। কাৰ্বি আংলং জিলাত ব্যাপক উছাহ-উদ্দীপনাৰে ভোগালী বিহু পালন কৰা হৈছে। জিলাখনৰ ডিফু ক্লাবত পুৱা মেজি জ্বলাই ৰাইজে সমূহীয়াভাৱে অগ্নি সেৱা কৰাৰ লগতে সমাজৰ পৰা অপায়-অমংগল দূৰ কৰি ভাতৃত্ববোধৰ এনাজৰী দৃঢ় কৰাৰ কামনা কৰে। ডিফু ক্লাবৰ উদ্যোগত প্ৰীতি চাহ মেলৰ আয়োজন কৰাৰ লগতে কণ কণ শিশুসকলৰ মাজত বিভিন্ন খেল-ধেমালি অনুষ্ঠিত হয়। মাঘ বিহু উপলক্ষে গোলাঘাট জিলা আৰক্ষীয়ে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলৰ সৈতে প্ৰীতি সন্মিলনৰ আয়োজন কৰে। গোলাঘাট সংৰক্ষিত আৰক্ষী ছাউনীত অনুষ্ঠিত এই সন্মিলনত জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, আয়ুক্ত পুলক মহন্তৰ লগতে প্রায় ৩০০ গৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াই অংশগ্ৰহণ কৰে। মাজুলী জিলাত আজি পৰম্পৰাগত নীতি-নিয়মৰ মাজেৰে ভোগালী বিহু পালন কৰা হৈছে। পুৱাৰ ভাগত বগায়নৰ হৰি ধ্বনিৰে মেজিত অগ্নি সংযোগ কৰি সকলোৱে জনসাধাৰণৰ কুশলাৰ্থে প্ৰাৰ্থনা কৰে। ইয়াৰ পাছত নাম কীৰ্তন, গুৰু সেৱা, ভকত সেৱা, নাম সেৱা আদি অনুষ্ঠিত কৰা হয়। তিনিচুকীয়া জিলাতো ভোগালী বিহু উপলক্ষে উলহ-মালহ পৰিৱেশে বিৰাজ কৰে।
তামুলপুৰ জিলাতো ভোগালী বিহু উপলক্ষে জনসাধাৰণৰ মাজত উছাহ-উদ্দীপনা পৰিলক্ষিত হৈছে। জিলাখনৰ মতঙা পাৰত আজি ভোগালী বিহু উদযাপন অনুষ্ঠানত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে অংশগ্ৰহণ কৰে। তেওঁ অসমৰ প্ৰতিটো জনগোষ্ঠীকে বিহুৰ পৰম্পৰা ৰক্ষা কৰিবলৈ আহ্বান জনায়।
গোৱালপাৰা জিলাতো ভোগালী বিহুৰ ব্যাপক উছাহ-উদ্দীপনা পৰিলক্ষিত হয়। আজি পুৱাই বিভিন্ন ঠাইত পৰম্পৰাগত ৰীতি-নীতিৰে মেজি জ্বলোৱা হয়। চহৰখনৰ শাস্ত্ৰী নগৰত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ভোগালী বিহু পালন কৰা হৈছে। একেদৰে জিলাখনৰ ৰাভা অধ্যুষিত এলেকাসমূহতো ভোগালী বিহু উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বৰপেটা জিলাত আজিৰে পৰা সত্ৰকেন্দ্ৰিক পৰম্পৰাৰে বিহু পালন কৰা হৈছে। বৰপেটা আৰু ইয়াৰ সমীপৱৰ্তী স্থানসমূহত আজি উৰুকা তথা স্থানীয় ভাষাত গাতা ৰখা উদযাপন কৰা হৈছে। জিলাখনত কাইলৈ অর্থাৎ পহিলা মাঘত মেজি জ্বলোৱা হ’ব। নিয়ম অনুসৰি কাইলৈ বৰপেটা সত্ৰৰ টুপৰ চোতালত ভকতসকলে সজা মেজিত অগ্নিসংযোগ কৰাৰ পাছতহে সত্ৰৰ বাহিৰৰ স্থানসমূহত সজা মেজি জ্বলোৱা হ’ব। বৰপেটা সত্ৰৰ উপৰি জিলাখনৰ আন আন সত্ৰ আৰু থানসমূহত কেইবাদিনীয়া কাৰ্যসূচীৰে মাঘ বিহু উদযাপন কৰা হৈছে। সৰভোগৰ শ্ৰীশ্ৰীগৰখীয়া গোসাঁই থানত মাঘ বিহুৰ সৈতে সংগতি ৰাখি নাম প্ৰসংগ, ভাগৱত পাঠ, ধর্মালোচনা সভা আদি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। পাথাৰকান্দি বিধানসভা সমষ্টিৰ জনসাধাৰণৰ সৈতে আজি মন্ত্রী কৃষ্ণেন্দু পালে মকৰ সংক্ৰান্তি আৰু মাঘ বিহুৰ উদযাপনত ভাগ লয় ৷
Site Admin | January 14, 2025 7:56 PM | Bhogali Bihu