আজি পবিত্র বৰদিন। যীশু খ্ৰীষ্টৰ জন্মদিন উপলক্ষে পালন কৰা এই উৎসৱত খ্ৰীষ্টধর্মী লোকসকলে নিজৰ উপাসনাস্থলী গীৰ্জাঘৰত সমবেত হৈ ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাৰ মাজেৰে বৰদিন উদযাপন কৰিছে। যোৱা নিশাৰ পৰাই কেবলব ধ্বনি আৰু মনোমোহা আলোকসজ্জাৰে প্ৰতিটো গীর্জা মুখৰিত হৈ উঠিছে। সমগ্ৰ বিশ্বৰ লগতে দেশ তথা ৰাজ্যতো অনাবিল উৎসাহেৰে বৰদিন পালন কৰা হৈছে। খ্ৰীষ্টধর্মী সকলৰ সমানে অন্য ধৰ্মৰ লোকেও এই উৎসৱত অংশগ্ৰহণ কৰি সমাজত শান্তি-সম্প্ৰীতিৰ বাৰ্তা দিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা গীৰ্জাঘৰসমূহত যোৱা নিশা প্রাক-বৰদিন প্রার্থনা সভা অনুষ্ঠিত হয়। গুৱাহাটীৰ পাণবজাৰত থকা খ্রীষ্ট চার্চ, ব্যাপ্তিষ্ট চার্চ, কাহিলীপাৰা, চানমাৰি, খানাপাৰা আদি স্থানত থকা গীৰ্জাঘৰসমূহত আজি দুপৰীয়া আৰু সন্ধিয়া বৰদিনব সমূহীয়া প্ৰাৰ্থনা অনুষ্ঠিত হ’ব, য’ত প্ৰভু যীশু আৰু মেৰীৰ ত্যাগক প্ৰাৰ্থনাৰ মাজেৰে পূৰণ কৰা হ’ব। নিশালৈ ঠায়ে ঠায়ে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। গোৱালপাৰা জিলাৰ বাংছাপাৰাতো বৰদিন ব্যাপক উছাহেৰে পালন কৰা হৈছে। আজি পুৱাৰে পৰা গাঁওখনত ছাত্ৰ-ছাত্ৰীৰ লগতে পর্যটকসকলৰ আগমন ঘটিছে। ধর্মীয় কাৰ্যসূচীৰ লগতে এইবেলি বাংছাপাৰাত বৰদিন উপলক্ষে বিশেষ ৰাজহুৱা ভোজবো আয়োজন কৰা হৈছে। একেদৰে চিৰাং জিলাৰ ছাপাগুৰি, কাজলগাঁও, বাসুগাঁও, বেংতল, বামুণগাঁও, কণীখাটা, শান্তিপুৰ, বিজনী আদি অঞ্চলতো বৰদিনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰক্ষী প্রশাসনে বৰদিনৰ সময়ত যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। অসমৰ লগতে মেঘালয় আৰু খ্ৰীষ্টধর্মী লোকৰ প্ৰাধান্য থকা মিজোৰামকে ধৰি চুবুৰীয়া ৰাজ্যকেইখনতো পবিত্র বৰদিন উপলক্ষে ব্যাপক উৎসাহৰ সৃষ্টি হৈছে।
Site Admin | December 25, 2024 12:19 PM | Christmas