March 31, 2024 8:48 PM | Assam | IMD

printer

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা শিলাবৃষ্টিত বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিয়লিৰ ভাগত অহা এজাক ধুমুহা শিলাবৃষ্টিয়ে বিভিন্ন অঞ্চলত ক্ষতি কৰিছে। বাক্সা জিলাৰ শালবাৰী মহকুমাৰ বিভিন্ন স্থানত আজি বিয়লি প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুণৰ ফলত উজান বাঁহবাৰী, আওহাটা, ৰাজাবিল অঞ্চলি, জালাহ শিমলাকে ধৰি কেবাটাও স্থানত বিস্তৰ ক্ষতি হৈছে। এই অঞ্চলসমূহৰ কেইবাটাও বাসগৃহৰ টিনপাত ফুটি যোৱাৰ লগতে ভালেসংখ্যক পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাগি পৰা বুলিও জানিব পৰা গৈছে। কোনো কোনো ঠাইত গছ গছনি উভালি পৰাৰ ফলত বিদ্যুৎ সেৱা আৰু পথ যোগাযোগো ব্যাহত হৈছে। ইপিনে, যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত দেওবাৰে পুৱতি নিশা অহা এজাক ধুমুহা বৰষুণে বিস্তৰ ক্ষয় ক্ষতি কৰে। ধুবুৰী জিলাৰ বিভিন্ন ঠাইত আজি সন্ধিয়াৰ ভাগত ধুমুহা শিলাবৃষ্টিৰ ফলত কেইবাটাও অঞ্চলত ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। ভালেমান ঠাইত বিদ্যুৎ সংযোগ বিচ্চিন্ন হৈ আছে। গুৱাহাটী মহানগৰীৰ লগতে কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত বিভিন্ন অঞ্চল দেওবাৰে বিয়লিৰ ভাগত ধাৰাষাৰ বৰষুণৰ ফলত জলমগ্ন হয়। ঠায়ে ঠায়ে পানী জমা হোৱাৰ ফলত মহানগৰীত যান-জটৰ সৃষ্টি হয়। ইপিনে, গুৱাহাটী বিমান বন্দৰৰ টার্মিনেলো জলমগ্ন হৈ পৰা বুলি জানিব পৰা গৈছে । ইফালে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কাইলৈ পৰ্যন্ত উত্তৰ-পূৰ্বাঞ্চলত ধুমুহা-বৰষুণ অব্যাহত থাকিব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাত হ’ব পাৰে বুলিও কোৱা হৈছে ।

অধিক পঢ়ক

সকলো চাওক