ডাউনলোড
মোবাইল এপ

android apple
signal

January 15, 2025 8:03 PM | Bhogali Bihu

printer

ৰাজ্যৰ বিভিন্ন ঠাইৰ ভোগালী বিহুৰ কাৰ্যসূচীত কেইবাগৰাকীও মন্ত্ৰীৰ অংশগ্ৰহণ

পহিলা মাঘ উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইৰ সত্ৰ-নামঘৰসমূহত আজি জনসাধাৰণে শৰাই আগবঢ়াই পূজা-অৰ্চনা কৰাৰ লগতে ঠায়ে ঠায়ে পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে মাঘ বিহুৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ নগাঁও জিলাৰ নেহৰুবালিত যোৱা ১৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত ছদিনীয়া ভোগালী বিহুৰ কাৰ্যসূচীত আজি মন্ত্রী পীযূষ হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে বিহুৰ সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। চৰাইদেউ জিলাত মাঘ বিহু উপলক্ষে আয়োজন কৰা সম্প্ৰীতিৰ ভোগালী জলপান শীৰ্ষক এটা অনুষ্ঠানত পৰিবহণ মন্ত্ৰী যোগেন মহনে অংশগ্ৰহণ কৰে । টাই-আহোম যুৱ পৰিষদৰ উদ্যোগত শিৱসাগৰ জিলাৰ ৰংঘৰ বাকৰিৰ ৰূপহী পথাৰত মাঘ বিহুৰ সৈতে সংগতি ৰাখি ৰংপুৰ মেলাৰ আয়োজন কৰা হৈছে। এই মেলাত বিভিন্ন জনগোষ্ঠীৰ নৃত্য পৰিৱেশনৰ লগতে ৰছি টনা, কড়ি খেল আদিকে ধৰি ভালেমান পৰম্পৰাগত খেল-ধেমালি অনুষ্ঠিত হয়। গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ সব্যসাচী মহন্তই মেলাৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতি গ্ৰন্থ উন্মোচন কৰে। বৰপেটা জিলাৰ সত্ৰকেন্দ্ৰিক পৰম্পৰাত আজিহে মাঘ বিহুৰ মেজি জ্বলোৱা হয়। নিয়ম অনুসৰি বৰপেটা সত্ৰৰ টুপৰ চোতালত ভকতসকলে সজা মেজিত অগ্নিসংযোগ কৰাৰ পাছত সত্ৰৰ বাহিৰৰ স্থানসমূহত সজা মেজিসমূহ জ্বলোৱা হয়। মাঘৰ প্ৰথম দিন উপলক্ষে আজি নামনি অসমৰ বিভিন্ন ঠাইত মাঘৰ বিশেষ সভা মহোৎসৱৰ আয়োজন কৰা হৈছে। বৰপেটা জিলাৰ চেঙাৰ ঐতিহ্যমণ্ডিত সভা মহোৎসৱ ৯২ সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰা হৈছে। একেদৰে নলবাৰী জিলাৰ হাৰিভাঙাতো সভা মহোৎসৱ উলহ-মালহেৰে আয়োজন কৰা হৈছে। বাক্সা জিলাৰ কাৰহানাৰ শ্ৰীশ্ৰীকৃষ্ণ সত্ৰতো কালিৰে পৰা চাৰিদিনীয়াকৈ মাঘ সভা মহোৎসৱ অনুষ্ঠিত হৈছে। এই উপলক্ষে আজি ভাগৱত ভ্ৰমণ, আজ বন্দনা নাম-প্ৰসংগ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। হিন্দু-মুছলমান আৰু বৌদ্ধ ধৰ্মৰ ত্রিবেণীসংগম ৰূপে খ্যাত কামৰূপ জিলাৰ তীৰ্থনগৰী হাজোত আজি পহিলা মাঘ উপলক্ষে হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত মণিকূট উৎসৱ অনুষ্ঠিত কৰা হয় । জাতি-ধৰ্ম নিৰ্বিশেষে বহুসংখ্যক লোকে পোৱামক্কা দৰগাহ শ্বৰীফৰ পৰা হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ উলিওৱা সমন্বয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। এই উৎসৱত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে বহুকেইগৰাকী শিল্পীয়ে অংশগ্রহণ কৰে। একেদৰে গুৱাহাটী মহানগৰীৰ ধৰ্মীয় স্থানসমূহতো অগণন লোকে ভিৰ কৰা পৰিলক্ষিত হয়। কামাখ্যা মন্দিৰ, বশিষ্ঠ মন্দিৰ, দৌলগোবিন্দ মন্দিৰ, উমানন্দ, শুক্ৰেশ্বৰ দেৱালয়কে ধৰি ধৰ্মীয় স্থানসমূহত আজি পুৱাৰে পৰা বহুলোকৰ সমাগম ঘটে
বড়ো জনগোষ্ঠীয় লোকসকলেও পুহ মাহৰ দোমাহী উপলক্ষে মাগৌ দোমাসী উৎসৱ পালন কৰে। উপাস্য দেৱতাসকলৰ নামত ১০টাকৈ ভেলাঘৰ উচৰ্গা কৰি আজি পহিলা মাঘৰ দিনটোত চিৰাং জিলাৰ বড়ো জনগোষ্ঠীয় লোকসকলে অগ্নি দেৱতাক পূজা কৰে ৷

অধিক পঢ়ক

সকলো চাওক