July 27, 2024 9:45 PM | Assam Governor

printer

ৰাজ্যৰ বিভিন্ন ঠাইত ৰাজ্যপালৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন

ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই আজি নামনি অসমৰ বিভিন্ন ঠাইত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে চলিত প্রকল্পসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। ধুবুৰী জিলাৰ চাপৰ, ৰঙামাটিস্থিত শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ত উপস্থিত হৈ ৰাজ্যপালগৰাকীয়ে মহাবিদ্যালয়খনৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহতো উদ্বোধন কৰে। মহাবিদ্যালয়খনৰ সৈতে সংলগ্ন কৃষি বিজ্ঞান কেন্দ্ৰটো পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে কৃষি বিজ্ঞানীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে ৰাজ্যপাল শ্রী কাটাৰীয়াই কৃষিকৰ্মৰে দেশৰ অৰ্থনীতি টনকীয়াল কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৷ ৰাজ্যপালগৰাকীয়ে আজি চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত আয়ুক্তৰ কাৰ্যালয়তো কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ ৰূপায়ণ তথা কামৰ অগ্ৰগতি সন্দৰ্ভত এখন পর্যালোচনা সভাত অংশগ্ৰহণ কৰে। জিলাখনৰ শীৰ্ষ নিৰাপত্তা বিষয়া আৰু বিভিন্ন বিভাগৰ মুৰববীসকল উপস্থিত থকা সভাখনত জিলাখনৰ লগতে ভূটান সীমান্তৰ নিৰাপত্তা সম্পৰ্কীয় বিষয়তো আলোচনা কৰা হয় ৷ ইয়াৰ লগতে শ্ৰী কাটাৰীয়াই জিলাখনৰ বেংতল মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সীমান্ত চেতনা মঞ্চৰ পূৰ্বোত্তৰ ৰাজ্যিক অধিৱেশনতো মুখ্য অতিথিৰূপে উপস্থিত থাকে। ভাষণ প্ৰসংগত ৰাজ্যপাল শ্ৰী কাটাৰীয়াই কয় যে, নতুন শিক্ষা নীতিৰ জৰিয়তে শিক্ষাৰ্থীসকলে বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত বিশেষ সহায় লাভ কৰিব। ৰাজ্যপালগৰাকীয়ে লগতে সীমান্ত সুৰক্ষাৰ বাবে সীমান্ত চেতনা মঞ্চৰ কার্যকর্তা সকলে লৈ অহা উদ্যোগক বিশেষভাৱে প্ৰশংসা কৰে। অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে সন্মানিত অতিথি হিচাপে উপস্থিত থাকে ৷ ভাষণ প্ৰসংগত শ্ৰী বড়োৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত উত্তৰ-পূবৰ সৰ্বাংগীণ উন্নতি সাধনত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক