ডাউনলোড
মোবাইল এপ

android apple
signal

July 20, 2024 6:55 PM

printer

ৰাজ্যৰ বিভিন্ন ঠাইত মহৰ প্ৰাদূৰ্ভাৱ ৰোধ কৰিবলৈ বিভিন্ন কাৰ্যপন্থা জিলা প্রশাসনসমূহৰ

ৰাজ্যৰ বিভিন্ন ঠাইত মহৰ প্ৰাদূৰ্ভাৱ ৰোধ কৰিবলৈ বিভিন্ন কাৰ্যপন্থা হাতত লোৱা হৈছে। ডিব্ৰুগড় জিলা প্রশাসনে বানাক্ৰান্ত অঞ্চলৰ লগতে বিভিন্ন ঠাইত ধোৱা দিয়াৰ ব্যৱস্থা কৰিছে। বানৰ পাছত মহে বিয়পাব পৰা মেলেৰীয়া, জাপানীছ এনচেফেলাইটিছ, ডেংগু ইত্যাদি ৰোগসমূহ প্ৰতিহত কৰিবলৈ জিলা প্ৰশাসনে এই কাৰ্যপন্থা গ্ৰহণ কৰিছে। ইফালে মৰিগাওঁ জিলাতো শিক্ষা বিষয়াৰ কাৰ্যালয়ত জাপানীজ এনচেফেলাইটিছ, ডেংগু, মেলেৰীয়া আদি বাহকজনিত ৰোগৰ বিষয়ে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। বানপানীৰ পৰৱৰ্তী সময়ত প্ৰদূষিত পানী আৰু মহে বিয়পাব পৰা ৰোগসমূহৰ লক্ষণ আৰু প্ৰতিৰোধৰ ব্যৱস্থাৰ বিষয়ে সভাখনত সমবেত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক অৱগত কৰা হয়।

অধিক পঢ়ক

সকলো চাওক