ডাউনলোড
মোবাইল এপ

android apple
signal

December 1, 2024 6:22 PM | World AIDS Day

printer

ৰাজ্যৰ বিভিন্ন ঠাইত বিশ্ব এইডছ দিৱস পালন

আজি বিশ্ব এইডছ দিৱস। ACQUIRED IMMUNO DEFICIENCY SYNDROMEৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে আজিৰ দিনটোত এইডছ দিৱস পালন কৰা হয়। এই দিনটোৱে জনসাধাৰণক HIVৰ বিৰুদ্ধে যুঁজ দিবলৈ একগোট হোৱাৰ লগতে এইডছ সংক্রমিত লোকৰ প্ৰতি সমর্থন জনোৱাৰ সুযোগ প্ৰদান কৰে। ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্রণ সংস্থাই ১৯৯২ চনৰে পৰা প্ৰতি বছৰে আজিৰ দিনটোত বিশ্ব এইডছ দিৱস পালন কৰি আহিছে। এইবাৰৰ এইডছ দিৱসৰ মূল বিষয়বস্তু হ’ল- মোৰ স্বাস্থ্য মোৰ অধিকাৰ ৷ নগাঁৱৰ নেহৰুবালিত অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে এই দিৱস অনুষ্ঠিত হয়। এই অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ’ বাৰ্তাৰ জৰিয়তে এই অনুষ্ঠানত এইডছৰ সজাগতা সন্দৰ্ভত আলোকপাত কৰে। অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তই যুৱ প্রজন্মক এইডছ সংক্রমিত হ’ব পৰা কাৰকসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, যে ৰাজ্যৰ দহখন জিলাত উদ্বেগজনকভাৱে এইডছ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে আৰু এই জিলাসমূহৰ ভিতৰত নগাঁও জিলাও আছে। অনুষ্ঠানৰ আৰম্ভণিতে মন্ত্ৰী কেশৱ মহন্তই অসম ৰাজ্যিক ৰক্ত সংৰচন পৰিষদে ব্যৱস্থাপনা কৰা স্বেচ্ছামূলক ৰক্তদান শিবিৰ মুকলি কৰে। এইডছ সংক্রান্তীয় তথ্য, শিক্ষা আৰু যোগাযোগৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ বিপণীসমূহৰো অনুষ্ঠানত মুকলি কৰা হয়। ইয়াৰ লগতে যোৱা ২২ আগষ্টৰ পৰা সাতদিনীয়াকৈ অনুষ্ঠিত কৰা বিস্তৃত তথ্য, শিক্ষা আৰু যোগাযোগ অভিযানত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ১০ খন জিলাক অনুষ্ঠানটোত বঁটা প্ৰদান কৰা হয় ৷
ৰাজ্যৰ আন আন জিলাসমূহৰ দৰে মৰিগাঁও জিলা সদৰতো এই দিৱসৰ সৈতে সংগতি ৰাখি ভালেকেইটা কাৰ্যসূচী গ্ৰহণ কৰা হয়। মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা নাৰ্চসকলে সজাগতামূলক শোভাযাত্ৰা উলিয়ায়।
বৰপেটা জিলাতো এইডছ সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যৰে সজাগতামূলক সমদল উলিওৱাৰ লগতে বাটৰ নাট প্ৰদৰ্শন কৰা হয়৷ যোৰহাটত জিলা স্বাস্থ্য সমিতি আৰু এইডছ নিয়ন্ত্ৰণ কোষৰ উদ্যোগত বিশ্ব এইডছ দিৱস পালন কৰা অন্যান্য জিলাসমূহৰ দৰে শিৱসাগৰ জিলাতো এই দিৱসৰ সৈতে সংগতি ৰাখি সজাগতামূলক সভা অনুষ্ঠিত হয়।

অধিক পঢ়ক

সকলো চাওক