ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলৰ লগতে স্বায়ত্তশাসিত পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকলে বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বঙাইগাঁৱত, অতুল বৰাই নগাঁৱত, উৰ্খাও গৌড়া ব্ৰহ্মই দৰঙত, চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপত, কেশৱ মহন্তই হোজাইত, ডাঃ ৰণোজ পেগুৱে লখিমপুৰত, অশোক সিংহলে শোণিতপুৰত, যোগেন মহনে যোৰহাটত, সঞ্জয় কিষাণে তিনিচুকীয়াত, অজন্তা নেওগে গোলাঘাটত, পীযুষ হাজৰিকাই গোৱালপাৰাত, বিমল বৰাই ডিব্ৰুগড়ত, নন্দিতা গাৰ্লোছাই শিলচৰত, জয়ন্ত মল্লবৰুৱাই নলবাৰীত পতাকা উত্তোলন কৰে। আনহাতে, বিটিআৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে কোকৰাঝাৰত, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে ডিফুত, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গালোছাই হাফলঙত, বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ওদালগুৰিত আৰু অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে চৰাইদেউত পতাকা উত্তোলন কৰে ।
Site Admin | August 15, 2024 11:36 AM | 78th Independence Day | Assam