ডাউনলোড
মোবাইল এপ

android apple
signal

January 15, 2025 7:11 PM | Bhogali Bihu

printer

ৰাজ্যৰ বিভিন্ন ঠাইত পৰম্পৰাগত ৰীতি-নীতিৰে মাঘ বিহু পালন

পহিলা মাঘ উপলক্ষে আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন মঠ-মন্দিৰ, নামঘৰ আৰু অন্য ধর্মীয় উপাসনাস্থলীসমূহত অগণন লোকৰ সমাগম হয়। ৰাজ্যৰ বিভিন্ন ঠাইৰ সত্ৰ-নামঘৰসমূহত আজি জনসাধাৰণে শৰাই আগবঢ়াই পূজা-অৰ্চনা কৰাৰ লগতে ঠায়ে ঠায়ে পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে মাঘ বিহুৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ বৰপেটা জিলাত সত্ৰকেন্দ্ৰিক পৰম্পৰাৰে আজিহে মাঘ বিহুৰ মেজি জ্বলোৱা হয়। নিয়ম অনুসৰি বৰপেটা সত্ৰৰ টুপৰ চোতালত ভকতসকলে সজা মেজিত অগ্নিসংযোগ কৰাৰ পাছত সত্ৰৰ বাহিৰৰ স্থানসমূহত সজা মেজিসমূহ জ্বলোৱা হয়। হিন্দু-মুছলমান আৰু বৌদ্ধ ধর্মৰ ত্রিবেণীসংগম ৰূপে খ্যাত কামৰূপ জিলাৰ তীৰ্থনগৰী হাজোত আজি পহিলা মাঘ উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰতিবছৰৰ দৰে এইবাৰো পহিলা মাঘত মণিকূট উৎসৱ অনুষ্ঠিত কৰা হয়। জাতি-ধর্ম নির্বিশেষে বহুসংখ্যক লোকে পোৱামক্কা দৰগাহ শ্বৰীফৰ পৰা হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ উলিওৱা সমন্বয় শোভাযাত্ৰাত অংশগ্রহণ কৰে। এই উৎসৱত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে বহুকেইগৰাকী শিল্পীয়ে অংশগ্রহণ কৰে।
মাঘ বিহুৰ সৈতে সংগতি ৰাখি বাক্সা জিলাৰ কাৰহানাৰ শ্ৰীশ্ৰীকৃষ্ণ সত্ৰত কালিৰে পৰা চাৰিদিনীয়াকৈ মাঘ সভা মহোৎসৱ অনুষ্ঠিত হৈছে। এই উপলক্ষে আজি ভাগৱত ভ্রমণ, বন্দনা নাম-প্ৰসংগ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । একেদৰে গুৱাহাটী মহানগৰীৰ ধৰ্মীয় স্থানসমূহতো অগণন লোকে ভিৰ কৰা পৰিলক্ষিত হয়। কামাখ্যা মন্দিৰ, বশিষ্ঠ মন্দিৰ, দৌলগোবিন্দ মন্দিৰ, উমানন্দ, শুক্ৰেশ্বৰ দেৱালয়কে ধৰি ধৰ্মীয় স্থানসমূহত আজি পুৱাৰে পৰা বহুলোকৰ সমাগম ঘটে।

অধিক পঢ়ক

সকলো চাওক