April 15, 2024 9:16 PM | Rangali Bihu

printer

ৰাজ্যৰ বিভিন্ন ঠাইত গোসাঁই বিহু, মুকলি বিহু, মঞ্চ বিহুকে ধৰি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰে ৰঙালী বিহু পালন

সাদিনীয়া ৰঙালী বিহুৰ তৃতীয় দিনটো আজি ৰাইজে পৰম্পৰাগতভাৱে গোসাঁই বিহু হিচাপে পালন কৰিছে। সেই অনুসৰি অসমৰ ৰাইজে ৰাজহুৱা নামঘৰ, সত্ৰ আদিত নাম-প্ৰসংগ কৰে। বটদ্ৰৱা, মাজুলী, আৰু বৰপেটা সত্ৰৰ উপৰি মঠ-মন্দিৰ, দেৱালয়সমূহত ভক্তৰ সমাগম পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰীৰ শক্তিপীঠ কামাখ্যা ধামৰ উপৰি অন্যান্য উপাসনা স্থানসমূহতো ভালেসংখ্যক ভক্তই ভিৰ কৰে। ইফালে, ৰাজ্যজুৰি বহাগ বিহুৰ আনন্দ উছাহ অব্যাহত আছে। উজনিৰ পৰা নামনিলৈ গাঁৱে ভূঞে, চহৰে নগৰে ঢোল, পেপাৰ শব্দ আৰু নাচনীৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে। ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই আজি গণেশগুৰি ৰঙালী বিহু সন্মিলনত অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে ভাষণ আগবঢ়োৱাৰ পাছত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত মঞ্চ বিহু কার্যসূচী অনুষ্ঠিত হৈছে। ভৰলুমুখ, চানমাৰি, গণেশগুৰি, নুনমাটি, বেলতলাকে ধৰি বিভিন্ন ঠাইত মঞ্চবিহুৰ আকৰ্ষণীয় অনুষ্ঠান উপভোগ কৰিবলৈ অগণন লোকে ভিৰ কৰিছে। আনহাতে, শিৱসাগৰৰ তলাতল ঘৰ প্ৰাংগনত মুকলি বিহু অনুষ্ঠিত হৈছে। বিহুৰ সৈতে সংগতি ৰাখি কণী যুঁজ, বিহু হুঁচৰিৰ লগতে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ নগৰত বৰ্ডিং খেলপথাৰত মুকলি বিহু অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিহু হুঁচৰিৰ লগতে কেইবাটাও সাংস্কৃতিক দলে জনগোষ্ঠীয় নৃত্য পৰিৱেশন কৰে। অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

অধিক পঢ়ক

সকলো চাওক