ৰাজ্যৰ বিভিন্ন ঠাইত কালিৰে পৰা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত হৈছে। উজনিৰ পৰা নামনিলৈ মৃণ্ময় মূৰ্তিৰ লগতে জীৱন্ত মানৱ ৰাসৰ ভক্তিৰস আৰু আধ্যাত্মিকতাই জনসাধাৰণক আপ্লুত কৰিছে। প্ৰতি বছৰে শৰতৰ পূৰ্ণিমাৰ নিশাৰ পৰা বৃন্দাবন, মথুৰাকে ধৰি আন বিভিন্ন স্থানৰ লগতে অসমতো শ্ৰী শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা উদযাপন কৰা হৈছে। ৰাস উপলক্ষে সত্ৰনগৰী মাজুলীতো উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে। নদীদ্বীপ মাজুলীত কালিৰে পৰা তিনি-চাৰি দিনীয়া কাৰ্যসূচীৰে ৬৫ খন মঞ্চত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত হৈছে। মাজুলীৰ এই ৰাস উৎসৱত দেশ-বিদেশৰ পৰ্যটকে ভিৰ কৰিছে। জল পৰিবহন বিভাগে যাত্ৰীসকলক সুকলমে মাজুলীলৈ যাব পৰাকৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মাজুলীৰ ঐতিহ্যমণ্ডিত দক্ষিণপাট সত্ৰত অধিবাস পূজাৰে ৰাস মহোৎসৱৰ মূল পূজা অনুষ্ঠিত হৈছে। সত্ৰখনৰ প্ৰতিষ্ঠা বৰ্ষ সুঁৱৰি ১৮৫ গছি মাটিৰ চাকি প্ৰজ্বলন কৰা হৈছে। ৰাস মহোৎসৱ উপলক্ষে সত্ৰখনত মেলাও অনুষ্ঠিত হৈছে। আউনীআতি সত্ৰতো পালনাম মহোৎসৱৰ লগতে মহাৰাস প্ৰদৰ্শিত হৈছে। উত্তৰ কমলাবাৰী সত্ৰত ৩৫০ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি আধ্যাত্মিকভাৱে ৰাস মহোৎসৱ উদযাপন কৰিছে। মুখা শিল্পৰ বাবে বিখ্যাত চামগুৰি সত্ৰত মাংগলিক পৰিৱেশত ৰাসলীলাৰ অভিনয়েৰে ৰাস উৎসৱ আয়োজন কৰা হৈছে। মিচিং জনগোষ্ঠীৰ লোকে মিচিং ভাষাত ৰাসলীলা অনুষ্ঠিত কৰি মাজুলীৰ ৰাস উৎসৱক বৰ্ণিল কৰি তুলিছে। জিলা প্ৰশাসনৰ উদ্যোগত প্ৰতিখন ৰাসমঞ্চ মাটিৰ চাকিৰে উজলাই তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আজি ৰাস মহোৎসৱ উপলক্ষে জিলা আয়ুক্তই মাজুলীত স্থানীয় বন্ধৰ ঘোষণা কৰিছে। বৰপেটা সত্ৰৰ কৰাপাটৰ সন্মুখত ৰাস মহোৎসৱ পালন কৰা হৈছে। ৰাস নৃত্যত গোপ-গোপীসকলে নৃত্য-গীতেৰে বৃন্দাবন সদৃশ পৰিৱেশ সৃষ্টি কৰে। উল্লেখযোগ্য যে বৰপেটা সত্ৰৰ আইসকলে পৰম্পৰাগতভাৱে সত্ৰখনত ৰাস পূর্ণিমা পালন কৰি আহিছে।
Site Admin | November 16, 2024 11:12 AM | Raash Mahotsav