ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ বিভিন্ন জিলাত স্বাধীনতা দিৱস উদযাপন

ৰাজ্যৰ আন আন জিলাতো স্বাধীনতা দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলৰ লগতে স্বায়ত্তশাসিত পৰিষদসমূহৰ মুখ্য কার্যবাহী সদস্যসকলে বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। লখিমপুৰত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছত এন চি চি আৰু আন শিক্ষার্থীয়ে পেৰেড প্ৰদৰ্শন কৰে। ভাইচ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বঙাইগাঁৱত, অতুল বৰাই নগাঁৱত, উৰ্খাও গৌড়া ব্ৰহ্মই দৰঙত, চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপত, কেশৱ মহন্তই হোজাইত, যোগেন মহনে যোৰহাটত, সঞ্জয় কিষাণে তিনিচুকীয়াত, অজন্তা নেওগে গোলাঘাটত, পীযুষ হাজৰিকাই গোৱালপাৰাত, বিমল বৰাই ডিব্ৰুগড়ত, নন্দিতা গাৰ্লোছাই শিলচৰত, জয়ন্ত মল্লবৰুৱাই নলবাৰীত পতাকা উত্তোলন কৰে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে শোণিতপুৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। তেওঁ কয় যে বিগত বছৰসমূহত শোণিতপুৰ জিলাত বিভিন্ন বিভাগৰ উন্নয়নমূলক আঁচনি সফলতাৰে ৰূপায়ণ কৰি তোলা হৈছে। আনহাতে, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে কোকৰাঝাৰত, কাৰ্বিআংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফুত, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গার্লোছাই হাফলঙত, বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ওদালগুৰিত আৰু অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে চৰাইদেউত পতাকা উত্তোলন কৰে।  

চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি জিলাখনৰ আয়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডিয়ে স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ-বীৰাংগনাসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ধুবুৰী জিলাতো আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বর্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰা হয়।

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৰপেটা জিলা কাৰাগাৰত ‘কাৰাগাৰৰ পৰা কাৰিকৰলৈ’ শীৰ্ষক এটা কাৰ্যসূচী মুকলি কৰা হয়। কাৰাধ্যক্ষ নিলোৎপল কাকতিয়ে জানিবলৈ দিয়া মতে এই কাৰ্যসূচীৰ জৰিয়তে কাৰাবন্দীসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে। কাৰাবন্দীসকলক বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে প্ৰয়োজনীয় প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। কোকৰাঝাৰ জিলাতো জিলা কাৰাগাৰত স্থানীয় বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ‘কাৰাগাৰৰ পৰা কাৰিকৰলৈ’ শীৰ্ষক কাৰ্যসূচী মুকলি কৰে। ৰাজ্য চৰকাৰৰ দক্ষতা বিকাশ অভিযানৰ অধীনত মুকলি কৰা এই কাৰ্যসূচীৰ জৰিয়তে কাৰাবন্দীসকলৰ মাজত বিভিন্ন প্রয়োজনীয় বিষয়র প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। কৰিমগঞ্জ জিলাত জিলাখনৰ আয়ুক্ত মৃদুল যাদৱে স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।  

অধিক পঢ়ক

সকলো চাওক