শিৱসাগৰ জিলাত ৰংপুৰ ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আজি ৰংঘৰৰ বাকৰিত মুকলি বিহুৰ আয়োজন কৰা হয়। তলাতল ঘৰৰ পৰা ৰংঘৰৰ বাকৰিলৈ প্ৰতীকি স্বৰ্গদেউক লৈ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। জাতি-বর্ণ নির্বিশেষে সকলো লোকে অংশগ্ৰহণ কৰা এই ৰঙালী বিহুৰ কাৰ্যসূচীত পৰম্পৰাগত খেল-ধেমালি আৰু বিহু-হুঁচৰি অনুষ্ঠান পৰিৱেশন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী পীযূষ হাজৰিকাই ৰাজ্যবাসীক বিহু শুভেচ্ছা জ্ঞাপন কৰে।
মাজুলীৰ সত্ৰসমূহত বৈষ্ণৱসকলে ৰঙালী বিহু উপলক্ষে বোকাখেল খেলে। লোক ৰীতি আৰু পৰম্পৰাৰ মাজেৰে উদযাপন কৰা এই বোকাখেলে বসন্ত উৎসৱৰ বিশেষ মাত্রা বহন কৰি আহিছে বুলি আমাৰ মাজুলীৰ সংবাদদাতাই প্ৰকাশ কৰিছে ৷ কাৰ্বি আংলং জিলাৰ ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ উদ্যোগত বিহু ক্লাবৰ প্ৰাংগণত ৰঙালী বিহু উদযাপন কৰা হৈছে। এই উপলক্ষে আজি পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়৷
ডিব্ৰুগড় জিলাতো পহিলা ব’হাগ উপলক্ষে মঠ-মন্দিৰসমূহত ভিৰ দেখিবলৈ পোৱা যায়। জিলাখনৰ বিভিন্ন ঠাইত মুকলি বিহু, মঞ্চ বিহু আদি অনুষ্ঠিত হৈছে। ধেমাজি জিলাত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কাছাৰী ময়দানত দিনজোৰা কাৰ্যসূচীৰে মুকলি বিহু অনুষ্ঠিত হয়। এই মুকলি বিহুত বিভিন্ন জনগোষ্ঠীয় লোককৃষ্টিৰ দল আৰু কেইবাটাও বিহু দলে অনুষ্ঠান প্ৰদৰ্শন কৰে। বৰপেটা জিলাৰ বিভিন্ন সত্ৰসমূহত সত্ৰীয়া নীতি-নিয়মেৰে ৰঙালী বিহু উদযাপন কৰা হৈছে। বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ দিনৰে পৰা পৰম্পৰাগতভাৱে ৰঙালী বিহু পালন কৰি অহা হৈছে।