ডাউনলোড
মোবাইল এপ

android apple
signal

January 26, 2025 9:05 PM | 76th Republic Day

printer

ৰাজ্যৰ বিভিন্ন জিলাত গণৰাজ্য দিৱস উদযাপন

লখিমপুৰ জিলাতো লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস উদ্যাপন কৰা হয়। অসম চৰকাৰৰ শ্রমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি শ্রীগোৱালাই আৰক্ষী আৰু বিভিন্ন নিৰাপত্তা বাহিনীৰ সামৰিক কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে । বিত্ত তথা মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্রী অজন্তা নেওগে গোলাঘাটত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি দিয়া ভাষণত জিলা স্তৰৰ সকলো বিভাগৰ জনকল্যাণমূলক আঁচনিৰ খতিয়ান দাঙি ধৰে। তিনিচুকীয়া জিলাত নতুনকৈ ২২৮ টা আদর্শ অঙ্গনবাড়ী কেন্দ্ৰ গঢ়ি তোলাত চৰকাৰে অনুমোদন দিয়ে। গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে এইদৰে কয়। তেওঁ জিলাখনত কেন্দ্ৰীয়ভাৱে আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে । উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই যোৰহাটৰ জিলা ক্রীড়া খেলপথাৰত আয়োজিত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিকদর্শনত সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস ভাৱাদৰ্শৰ সৈতে প্ৰগতি তথা উন্নয়নৰ দিশে ৰাজ্যখনৰ যাত্ৰা অব্যাহত থকা সন্দৰ্ভত আলোকপাত কৰে।

চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰী ৰাজহুৱা খেলপথাৰত আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি জিলা আয়ুক্ত ডাঃ নেহা যাদৱে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। পতাকা উন্মোচনৰ পূৰ্বে জিলা আয়ুক্তগৰাকীয়ে দেশৰ স্বাধীনতাৰ হকে প্রাণ দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁ কুচকাৱাজত অংশগ্ৰহণ কৰা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰো অভিবাদন গ্রহণ কৰে। জিলাবাসীলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি আয়ুক্তগৰাকীয়ে কয়, যে চৰাইদেউ মৈদাম ক্ষেত্রই ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰূপে মৰ্যাদা পোৱাটো জিলাখনৰ বাবে আশাব্যঞ্জক বতৰা। এই বতৰাই জিলাখনলৈ বহু নতুন সম্ভাৱনাৰ বাট কাটিব বুলিও তেওঁ আশা প্রকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক