ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ বিভিন্ন জিলাত অহা ৩ ডিচেম্বৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত

ৰাজ্যৰ বিভিন্ন জিলাত অহা ৩ ডিচেম্বৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত হ’ব। এই উৎসৱৰ সময়ছোৱাত জিলাসমূহৰ চিকিৎসালয়, স্বাস্থ্য কেন্দ্ৰ আদিৰ চিকিৎসা সেৱা আৰু আন্তঃগাথনি মূল্যায়ন কৰা হ’ব। কামৰূপ মহানগৰ জিলাৰ ৫৬ টা স্বাস্থ্য কেন্দ্ৰত এই কাৰ্যসূচী অনুষ্ঠিত হব। আজি কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত এখন সংবাদমেলত জিলাখনৰ আয়ুক্ত সুমিত চট্টাৱানে এই বিষয়ে প্ৰকাশ কৰে। মহানগৰীৰ এখন জিলা চিকিৎ‍সালয়, এটা সমূহীয়া স্বাস্থ্য কেন্দ্র, দুখন প্রাথমিক চিকিৎসা কেন্দ্ৰ আৰু ৪৭ টা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উপৰি ৫ টা উপ স্বাস্থ্য কেন্দ্ৰ আয়ুষ্মান আৰোগ্য মন্দিৰক সামৰি এই মূল্যায়ন কৰা হব। এগৰাকী প্ৰশাসনিক বিষয়া আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এজন চিকিৎসকে ৰাজ্যিক মূল্যায়ক হিচাপে স্বাস্থ্য কেন্দ্ৰসমূহ পৰিদৰ্শন কৰিব।
শিৱসাগৰ জিলাৰ মুঠ ৪৫ খন চিকিৎসালয়ত ৩ ডিচেম্বৰৰ পৰা স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত হ’ব বুলি আজি জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালকে প্রকাশ কৰে। তেওঁ কয় যে, এই উৎসৱত স্বাস্থ্য সেৱাৰ আন্তঃগাথনি, পৰিষ্কাৰ পৰিচ্ছন্নতা, চিকিৎসালয়ত সংক্রমন নিয়ন্ত্ৰণ আৰু ৰোগীক প্ৰদান কৰা সেৱা মূল্যায়ন কৰা হ’ব। জিলাখনৰ এখন চিকিৎসালয়, এখন মহকুমা চিকিৎসালয়, ৪ টা সামুহিক স্বাস্থ্য কেন্দ্ৰকে ধৰি ৪৫ টা স্বাস্থ্য সেৱা প্ৰতিষ্ঠানত এই মূল্যায়ন কৰা হ’ব। তিনিচুকীয়া জিলাৰ চাহ বাগিছা অঞ্চলৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত স্থাপিত ১৭ খন চিকিৎসালয় আৰু ৫ টা আয়ুষ্মান আৰোগ্য মন্দিৰৰ লগতে কমেও ৫৫ খন চিকিৎসা প্ৰতিষ্ঠানত এই কাৰ্যসূচী লোৱা হব। প্ৰতিটো স্বাস্থ্য কেন্দ্ৰত ৰোগীক স্বাস্থ্য সেৱা প্ৰদানৰ উপযুক্ত সুবিধা আছে নে নাই সেই বিষয়ে চালি জাৰি চোৱা হ’ব। বিদ্যালয়ৰ গুণোৎসৱৰ আৰ্হী ৰূপায়ণ কৰা এই স্বাস্থ্য সেৱা উৎসৱে ৰাজ্যৰ স্বাস্থ্য খণ্ডত ইতিবাচক পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে। গোলাঘাট জিলাৰ ৭১ খন চৰকাৰী চিকিৎ‍সালয়ত এই মূল্যায়ন কাৰ্যসূচী লোৱা হ’ব। চিকিৎসালয়সমূহৰ সা-সুবিধা সম্পৰ্কে ৪৮ গৰাকী বহিঃমূল্যায়নকাৰীয়ে মূল্যায়ন কৰিব। চৰাইদেউ জিলাত মুঠ ৩৮ টা চিকিৎসা প্রতিষ্ঠানত ৩ দিনীয়াকৈ স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত হব। জিলা স্বাস্থ্য বিভাগে আজি এই বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। লখিমপুৰ জিলাত ৫২ খন চিকিৎসালয়ত ৩ ডিচেম্বৰৰ পৰা হ’বলগীয়া স্বাস্থ্য সেৱা উৎসৱৰ বাবে প্ৰস্তুতি চলিছে। এই কাৰ্যসূচীত ৫০ জন জিলা পৰ্যায়ৰ বিষয়া আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ১৭ গৰাকী চিকিৎসকে বহিঃমূল্যায়ক হিচাপে অংশ ল’ব। নলবাৰী জিলাতো ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ স্বাস্থ্য সেৱা উৎসৱ আৰম্ভ হব। জিলাখনৰ ৫৮ খন বিভিন্ন পৰ্যায়ৰ চিকিৎ‍সালয়ত এই কাৰ্যসূচী লোৱা হব। উৎসৱৰ প্ৰস্তুতি সম্পৰ্কে আজি জিলাখনৰ আয়ুক্ত বর্ণালী ডেকাই সবিশেষ প্ৰকাশ কৰে। তেওঁ কয় যে, ৩ ডিচেম্বৰত ২১ খন, ৪ ডিচেম্বৰত ১৯ খন আৰু ৫ ডিচেম্বৰত ১৮ খন চিকিৎসালয়ৰ মূল্যায়ন কৰা হ’ব। ইয়াৰ বাবে ৭৪ জন আন্তঃমুল্যায়ক আৰু ৭২ জন বহিঃমূল্যায়ক নিয়োগ কৰা হৈছে। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ হাতশিঙিমাৰীত ১৭ টা স্বাস্থ্যকেন্দ্ৰত স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত হ’ব। হাতশিঙিমাৰী জিলা চিকিৎসালয়কে ধৰি অন্য ১৬ টা স্বাস্থ্য কেন্দ্ৰত এই কাৰ্যসূচী লোৱা হ’ব।
মৰিগাওঁ জিলাতো স্বাস্থ্য সেৱা উৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই আজি সংবাদমেল যোগে এই বিষয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক