দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উৎসাহ- উদ্দীপনাৰে উদযাপন কৰা হৈছে। দীপাৱলীৰ লগতে কালী পূজা উপলক্ষে গোৱালপাৰাত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। গোৱালপাৰা নগৰৰ শান্তিনগৰ সাৰ্বজনীন শ্যামাকালী মন্দিৰত কালী পূজা উলহ- মালহেৰে পালন কৰা হৈছে। সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি চাৰিদিনীয়া কাৰ্যসূচীৰে কালী পূজা আয়োজন কৰা হয়। এই উপলক্ষে আজি মন্দিৰ প্ৰাংগণৰ পৰা বাৰেবৰণীয়া শোভাযাত্ৰা উলিওৱা হয়। বাক্সা জিলাৰ হজুৱা পুনৰ মিলন সংঘৰ উদ্যোগত আজিৰে পৰা সাতদিনীয়া কাৰ্যসূচীৰে তৃতীয় বার্ষিক শ্যামা পূজা পালন কৰা হৈছে । ধুবুৰী জিলাতো উলহ-মালহেৰে কালী পূজা আৰু দীপাৱলী উদযাপন কৰা হৈছে। জিলাখনৰ বিভিন্ন বিপণীত দীপাৱলীৰ সামগ্ৰীৰে ভৰি পৰিছে। জিলাখনৰ বাট-পথসমূহ নানা ৰং-বিৰঙি আলোকসজ্জাৰে সজ্জিত কৰা হৈছে । দৰং জিলাতো কালী পূজা আৰু দীপাৱলী উলহ-মালহেৰে পালন কৰা হয়। বাসগৃহৰ সন্মুখত কলগছ পুতি তাত মাটিৰ চাকি প্রজ্বলন কৰাৰ লগতে বিভিন্ন ৰঙীন আলোকসজ্জাৰে সজাই পৰাই তোলা হৈছে। জিলাখনৰ বিভিন্ন স্থানত ৰাজহুৱাভাৱে কালী পূজা পালন কৰা হৈছে। চপাই শালৈপাৰাত সাৰ্বজনীন কালী পূজা কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। ইপিনে সেউজ দীপাৱলী উদযাপন কৰিবলৈ নেহৰু যুৱ কেন্দ্ৰ, শিৱসাগৰৰ উদ্যোগত বিশেষ কার্যসূচী গ্ৰহণ কৰা হয়। জিলাখনৰ মুক্তিনাথ চাৰিআলিত নেহৰু যুৱ কেন্দ্ৰৰ স্বেচ্ছাসেৱক আৰু ছাত্ৰ-ছাত্ৰীসকলে প্ৰদূষণমুক্ত দীপাৱলী পালন কৰিবলৈ বিভিন্ন সজাগতা পত্ৰ বিতৰণ কৰে। দেশজুৰি ৰূপায়িত হৈ থকা মোৰ ভাৰতৰ সৈতে দীপাৱলী শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে নেহৰু যুৱ কেন্দ্ৰই এই পদক্ষেপ গ্ৰহণ কৰে। আনহাতে শিৱসাগৰৰ কালীবাৰীত থকা শিৱমন্দিৰত পুৱাৰে পৰা ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। কালী মন্দিৰত দুদিনীয়া কাৰ্যসূচীৰে কালীপূজাৰ আয়োজন কৰা হৈছে।
Site Admin | October 31, 2024 7:13 PM | Deepawali