ডাউনলোড
মোবাইল এপ

android apple
signal

September 17, 2024 7:17 PM | Bishwakarma Puja

printer

ৰাজ্যৰ বিভিন্ন কল-কাৰখানা, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজাৰ আয়োজন

আজি কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা, বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি এই পূজাৰ বাবে ব্যাপক আয়োজন পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন কল-কাৰখানা, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠা, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগত ভাবেও বিশ্বকর্মা পূজা অনুষ্ঠিত কৰিছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাগাৰা নাম, নাম প্ৰসংগ আদিৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণলৈ বিশ্বকৰ্মা পূজাৰ ওলগ জনোৱাৰ লগতে উন্নত আৰু আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প পূৰ্ণত তেওঁলোকে অভূতপূর্ব অৱদান আগবঢ়াব বুলি আস্থা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত দিয়া এটা শুভেচ্ছাবার্তাযোগে ভগৱান বিশ্বকৰ্মাৰ আশীষে অনাগত দিনত সমগ্ৰ ৰাষ্ট্ৰৰ বাবে সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা প্রকাশ কৰিছে। আজি বিশ্বকৰ্মা পূজাৰ দিনাই তিনিচুকীয়া আৰক্ষী চকীৰ নতুন গৃহ উদ্বোধন কৰা হয়। তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ অধীনত প্ৰতিষ্ঠা হোৱা ন-পুখুৰী আৰক্ষী চকীৰ নৱনিৰ্মিত ভৱন জিলাখনৰ আয়ুক্ত স্বপ্নীল পালৰ উপস্থিতিত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে উদ্বোধন কৰে।

অধিক পঢ়ক

সকলো চাওক