ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ যদিও সম্প্ৰতি বিভিন্ন অঞ্চল বানৰ কবলত আছে

ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ হৈছে যদিও এতিয়াও ৭ খন জিলাৰ ৪১৯খন গাঁৱৰ বিভিন্ন অঞ্চল এতিয়াও বানৰ কবলত আছে। এইবাৰৰ বানত ১ লাখৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্ৰশাসনে স্থাপন কৰা ১২৩ টা আশ্রয় শিবিৰত প্ৰায় ১৬ হাজাৰ লোকে আশ্ৰয় লৈ আছে। ইপিনে, বৰাক উপত্যকাত কুশিয়াৰা নৈৰ পানী বিপদ সীমাৰ ওপৰত আছে। বানৰ বাবে এতিয়াও কৰিমগঞ্জ জিলাৰ বহুলোক গৃহবন্দী হৈ থাকিবলগীয়া হৈছে। জিলাখনৰ তিনি শতাধিক বিদ্যালয়ৰ পাঠদান বানৰ বাবে ব্যাহত হৈ আছে। কামৰূপ, কৰিমগঞ্জ, কাছাৰ, দৰং, বৰপেটা, লখিমপুৰ আৰু ধেমাজি জিলাৰ ১৫টা ৰাজহচক্ৰৰ অন্তৰ্গত অঞ্চল বানত ক্ষতিগ্ৰস্ত হৈছে।
লখিমপুৰত শিঙৰা নৈৰ ঢলে বিভিন্ন অঞ্চল বুৰাই পেলাইছে। ইপিনে, তিনিচুকীয়া জিলাৰ চৈখোৱা অঞ্চলত বানৰ লগতে খহনীয়াৰ সমস্যাই ভাবুকিৰ সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে। ডিব্ৰুগড় চহৰৰ চৌকিদিঙি, চিৰি চাপৰি, আমোলাপট্টি, পাঁচ আলি, ফুলবাগান, কালিবাৰী আদি অঞ্চল কৃত্রিম বানত বুৰ গৈছে। চহৰখনত তীব্র যান-জঁটৰ ফলত যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। জনসাধাৰণে চহৰখনত দীৰ্ঘম্যাদী পৰিকল্পনাৰে কৃত্ৰিম বান ৰোধৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট বিভাগক আবেদন জনাইছে। ইপিনে, ৰাজ্যৰ ১৯খন জিলাত বতৰ বিজ্ঞান বিভাগে য়েল্ল’ এলাৰ্ট জাৰি কৰিছে। বিভাগীয় সূত্ৰই প্ৰকাশ কৰা মতে বজালী, বৰপেটা, বঙাইগাঁও, বাক্সা, চিৰাং, দৰং, ধুবুৰী, কামৰূপ আৰু গোৱালপাৰা জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে, উজনি অসমৰো কেইবাখনো জিলাত য়েল্ল’ এলাৰ্ট জাৰি কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক