ডাউনলোড
মোবাইল এপ

android apple
signal

June 23, 2024 12:34 PM | Degree Admission

printer

ৰাজ্যৰ বান পৰিস্থিতি আৰু প’ৰ্টেলৰ কাৰিকৰী অসুবিধাৰ বাবে স্নাতক শ্ৰেণীৰ নামভৰ্তিৰ নিৰ্ধাৰিত সময়সূচী সলনি

ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ নামভৰ্তিৰ বাবে ব্যৱহাৰ কৰা সমৰ্থ পৰ্টেলত দেখা দিয়া বিসংগতিৰ বাবে স্নাতক শ্ৰেণীৰ নামভৰ্তিৰ নিৰ্ধাৰিত সময়সূচী পিছুৱাই দিছে। ৰাজ্যৰ বান পৰিস্থিতি আৰু প’ৰ্টেলৰ কাৰিকৰী অসুবিধাৰ বাবে এই সময়সূচী সলনি কৰিছে বুলি বিভাগটোৱে এটা বিবৃতিযোগে জনাইছে। এই অনুসৰি মহাবিদ্যালয়সমূহত প্রথম মেধাৰ তালিকাত স্থানপ্রাপ্তসকলে আজি নামভৰ্তি কৰিব পাৰিব। কাইলৈ আৰু পৰহিলৈ দ্বিতীয়খন প্রথম মেধাৰ তালিকা প্ৰকাশ কৰা হ’ব। ২৬, ২৭ আৰু ২৮ জুনত দ্বিতীয়খন মেধাৰ তালিকাৰ ভিত্তিত নামভৰ্তি কৰা হ’ব। অহা ২৯ জুন আৰু ১ জুলাইত মহাবিদ্যালয়সমূহত শিক্ষার্থীসকলে পোনপটীয়াকৈ নামভৰ্তি কৰিব পাৰিব। অহা ৫ৰ পৰা ৮ জুলাইলৈ শৈক্ষিক অৰ্হতা পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে ৯ জুলাইত মেধাৰ ভিত্তিত প্ৰথমখন তালিকা প্ৰকাশ কৰা হ’ব। এই অনুসৰি অহা ১০ আৰু ১১ জুলাইত প্ৰথম মেধা ভিত্তিক তালিকাত স্থান পোৱা শিক্ষাৰ্থীৰ নামভৰ্তি কৰা হ’ব। ১২ জুলাইত দ্বিতীয়খন মেধা ভিত্তিক তালিকা প্ৰকাশ পাব আৰু ১৩ আৰু ১৫ জুলাইত এই তালিকাত স্থান পোৱাসকলৰ নামভৰ্তি কৰা হ’ব। ১৬ জুলাইত তৃতীয়খন মেধা ভিত্তিক তালিকা প্রকাশ পাব। অহা ১৭ আৰু ১৮ জুলাইত এই তালিকাত স্থানপ্রাপ্তসকলৰ নামভর্তি কৰা হ’ব। তেনেদৰে ১৯ আৰু ২০ জুলাইত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পোনপটীয়াকৈ নামভৰ্তি কৰিব পাৰিব। ২৯ৰ পৰা ৩১ জুলাইলৈকে চি ইউ ই টি বহির্ভূত শিক্ষাৰ্থীৰ বাবে থিতাতে নামভৰ্তি কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক