July 22, 2024 1:00 PM | Hemant Soren

printer

ৰাজ্যৰ বান পীড়িত ৰাইজলৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ দুই কোটি টকাৰ সাহায্য

ৰাজ্যৰ বান পীড়িত ৰাইজলৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে দুই কোটি টকাৰ সাহায্য আগবঢ়াইছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যম এক্স যোগে এই কথা প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এই বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক এই মহানুভৱতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আনহাতে অসম আৰক্ষীৰ গৃহিনী কল্যাণ সংস্থাই বান সাহায্য হিচাপে চৰকাৰলৈ আঢ়ৈ লাখ টকা আগবঢ়াইছে। কালি মন্ত্রী পীযুষ হাজৰিকাৰ হাতত অসম আৰক্ষীৰ গৃহিনী কল্যাণ সংস্থাই বান সাহায্যৰ বাবে সংগৃহীত এই টকাখিনি আৰু কিছু খাদ্য সামগ্ৰী অৰ্পন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, অসম আৰক্ষী গৃহিনী কল্যাণ সংস্থাৰ সভানেত্ৰী ড০ অনামিকা সিং, আৰক্ষী সঞ্চালক প্রধান জি পি সিঙকে ধৰি আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক