ডাউনলোড
মোবাইল এপ

android apple
signal

January 15, 2025 10:58 AM | Assam Tourism

printer

ৰাজ্যৰ পৰ্যটন খণ্ডই ২০২৫ বৰ্ষত গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিব বুলি ৰাজ্য চৰকাৰৰ আশা প্রকাশ

ৰাজ্যৰ পৰ্যটন খণ্ডই ২০২৫ বৰ্ষত গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিব বুলি পর্যটন বিভাগে আশা প্রকাশ কৰিছে। বিগত সময়ছোৱাত এইক্ষেত্ৰত লাভ কৰা সফলতাৰ লগতে পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ ভিত্তিত বিশ্ব পর্যটন খণ্ডত অসম অধিক গুৰুত্বপূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। শেহতীয়া কেইটামান বছৰত ৰাজ্যখনলৈ পৰ্যটকৰ আগমনৰ হাৰ বৃদ্ধি পোৱাৰ লগতে পৰ্যটন বিভাগে আন দেশত ৰোড শ্ব’ৰ আয়োজনকে ধৰি একাধিক পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে।
তথ্য অনুসৰি যোৱা বিত্তীয় বৰ্ষত প্রায় ৭৮ লাখ পর্যটকে অসম ভ্ৰমণ কৰিছে আৰু ইয়াৰ মাজত ২৬ হেজাৰ গৰাকী বিদেশী পর্যটক আছিল। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিটা মাহত ১ লাখ ৬৪ হাজাৰ ৬৩৬ গৰাকী দেশী-বিদেশী পর্যটকে বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে বুলিও চৰকাৰী তথ্যত প্ৰকাশ পাইছে। এডভান্টেজ অসম- দুইত পৰ্যটন খণ্ডৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি অসম পর্যটন উন্নয়ন নিগমে প্ৰকাশ কৰা মতে ৰাজ্যৰ পৰ্যটন বিভাগৰ তৰফৰ পৰা যোৱা তিনিটা বছৰত কেইবাটাও ৰোড শ্ব’ৰ আয়োজন কৰাৰ লগতে ৩০ খনতকৈ অধিক পর্যটন মেলাত অংশ গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে কামাখ্যা মন্দিৰলৈ বৃহৎ সংখ্যক পৰ্যটকৰ আগমন ঘটে। শেহতীয়াকৈ চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰাটোও অসম পর্যটন খণ্ডৰ বাবে আশাৰ বতৰা হিচাপে বিবেচিত হৈছে। নিউয়র্ক টাইমছ কাকতে প্ৰকাশ কৰা বিশ্বৰ ৫২ খন পৰ্যটন ক্ষেত্ৰৰ তালিকাৰ চতুৰ্থ স্থানত অসমে স্থান লাভ কৰাৰ পৰিপ্ৰেক্ষিতত অসমৰ পৰ্যটন খণ্ডই আহিবলগীয়া সময়ছোৱাত বিশ্বৰ পৰ্যটন মানচিত্ৰত অধিক গুৰুত্ব লাভ কৰিব বুলি নিসন্দেহে আশা কৰিব পাৰি। উল্লেখযোগ্য যে শেহতীয়াকৈ ৰাজ্যখনলৈ ঘৰুৱা পৰ্যটকৰ লগতে বিদেশী পৰ্যটকৰ আগমনৰ হাৰো বৃদ্ধি পাইছে।

অধিক পঢ়ক

সকলো চাওক